Begin typing your search above and press return to search.

ছাহিদ কাপুৰৰ নতুন ছবি; কবীৰ সিং

ছাহিদ কাপুৰৰ নতুন ছবি; কবীৰ সিং

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  26 Oct 2018 10:09 AM GMT

বলীউডৰ চকলেট বয় হিচাপে খ্যাত ছাহিদ কাপুৰৰ 'পদ্মাৱত' আৰু 'বট্টী গুল মিটাৰ চালু' ছবি খনৰ অভিনয়ৰ জৰিয়তে দৰ্শকৰ মন জয় কৰাৰ পিছত পৰবৰ্তী ছবিৰ বাবে সাজু হৈছে ।ছাহিদ বৰ্তমান ব্যস্ত আছে তেলেগু ছবি 'অৰ্জুন ৰেড্ডী'ৰ হিন্দী ৰিমেকৰ শ্বুট্যিংত । 'অৰ্জুন ৰেড্ডী' ছবি খন পূৰ্বতে নিৰ্মান কৰা হৈছিল আৰু সেইখন ছবিক হিন্দীত নিৰ্মান কৰিব "কবীৰ সিং" বুলি । একে কাহিনী একে প্ৰযোজক মাত্ৰ ছবি খনৰ নামটো হ'ব সলনি । ছবি খনৰ নিৰ্দৰশক সন্দিপ ভাংগা আৰু কিদা আদৱানিয়ে মুখ্য মহিলা তথা অভিনেত্ৰী হিচাপে চৰিত্ৰ ৰূপায়ন কৰিব ।

https://www.instagram.com/p/BpYj780nBuz/?taken-by=shahidkapoor

৩৭বছৰীয়া অভিনেতা জনে অলপতে ছবি খনৰ বাবে চ'চিয়েল মিডিয়াত জনপ্ৰিয় হৈ আছিল । 'অৰ্জুন ৰেড্ডী' ৰ সলনি "কবীৰ সিং" ৰখা হৈছে হিন্দী ৰিমেক ছবি খন ।প্ৰথম লুক প্ৰকাশ পাওতে ছাহিদে লিখিছে,"#ArjunReddy was loved and appreciated now it is time for #KabirSingh! Get reddy to see him in 2019."

ছবি খনৰ বিষয়ে আলোচনা কৰা সময়ত ছবি খনৰ নিৰ্দেশক যি গৰাকীয়ে তেলেগু ছবি খনো নিৰ্মান কৰিছে সন্দিপ ভাংগাই মত প্ৰকাশ কৰি কয় যে,যেতিয়া ছবি খনৰ হিন্দী ৰিমেকৰ স্ক্ৰিপটত কাম কৰা আৰম্ভ কৰিছিল সেই যাত্ৰা অতি সুন্দৰ আৰু উৎসাহ পূৰ্বক আছিল । আশা কৰিছে অৰ্জুন ৰেড্ডীৰ দৰে কবীৰ সিঙেও দৰ্শকৰ মন জয় কৰিবলৈ সক্ষম হ'ব ।

ছবি খন ব্যাপকভাৱে মুম্বাই,দিল্লী আৰু মছুৰীত শ্বুটিং হ'ব ।ছাহিদক বেলেগ বেলেগ চাৰিটা ৰূপত দেখা পোৱা যাব ইয়াৰ বাবে ইতিমধ্যে তিনিমাহৰ পৰা প্ৰস্তুতি আৰম্ভ কৰিছে ।

Next Story
চাকৰি