Begin typing your search above and press return to search.

ছয় জনগোষ্ঠীক আশ্বাস কংগ্ৰেছৰ অধ্যক্ষ ৰাহুল গান্ধীৰ

ছয় জনগোষ্ঠীক আশ্বাস কংগ্ৰেছৰ অধ্যক্ষ ৰাহুল গান্ধীৰ

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  12 March 2019 7:59 AM GMT

অসমৰ ছয় গোষ্ঠীৰ জনজাতিকৰণৰ সন্দৰ্ভত কংগ্ৰেছৰ অধ্যক্ষ ৰাহুল গান্ধীৰ বিশেষ প্ৰতিক্ৰিয়া ৷ ৰাহুল গান্ধীয়ে ছয় গোষ্ঠীৰ নেতাসকলক আশ্বাস দি কয় যে যদি ক্ষমতালৈ আহে তেতিয়া কংগ্ৰেছে ছয় জনগোষ্ঠীৰ কাৰণে তৎকালীন ভাৱে পদক্ষেপ গ্ৰহণ কৰিব।সদৌ অসম মটক সন্মিলনৰ সম্পাদক কাজল গোহাঁয়ে কংগ্ৰেছৰ অধ্যক্ষই আমাক তেওঁৰ দলে নিশ্চিত ৰূপত ছয় জনগোষ্ঠীক অনুসূচিত জনজাতি দিবৰ কাৰণে কাম কৰিব বুলি কয় ৷ কংগ্ৰেছ বিৰোধী দলত থাকিলেও এই বিষয়টোৰ সন্দৰ্ভত পদক্ষেপ ল’বৰ কাৰণে চৰকাৰক হেচাঁ প্ৰয়োগ কৰিব ৷

মৰাণ,মটক,তাই আহোম,আদিবাসী, ৰাজবংশী আৰু চুতীয়াৰ সহিতে অসমৰ ছয় জনগোষ্ঠীৰ প্ৰায় ১৫ জন সদস্যই সোমবাৰে পুৱা কংগ্ৰেছৰ অধ্যক্ষ ৰাহুল গান্ধীক দিল্লীৰ চৰকাৰী বাসভৱনত সাক্ষাৎ কৰে ৷ আৰু প্ৰায় ১ ঘন্টা সময় এই সন্দৰ্ভত আলোচনা কৰে ৷ সংগঠনসমূহৰ হৈ সদৌ মৰাণ ছাত্ৰ সন্থাৰ সভাপতি অৰুণজ্যোতি মৰানে মন্তব্য কৰে যে,কংগ্ৰেছৰ অধ্যক্ষ ৰাহুল গান্ধীয়ে আমাক আশ্বাস দিয়ে যে নিৰ্বাচনৰ পিছত ছয়মাহৰ ভিতৰত এই সন্দৰ্ভত পদক্ষেপ লোৱা হ’ব।

অন্যহাতে,ছয় গোষ্ঠীয়ে বিগত বৰ্ষসমূহত জনজাতিকৰণৰ কাৰণে দাবী উত্থাপন কৰি আহিছে ৷ ইফালে আলোচনাত উপস্থিত আছিল কংগ্ৰেছ দ'লৰ হৈ সৰ্বভাৰতীয় কংগ্ৰেছ কমিটিৰ সভাপতি ৰাহুল গান্ধীৰ লগতে অসম প্ৰদেশ কংগ্ৰেছৰ তত্বাৱধায়ক হৰিশ ৰাৱাট, অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি ৰিপুন বৰা, অসম প্ৰদেশ কংগ্ৰেছ বিধায়িনী দ'লৰ নেতা দেৱব্ৰত শইকীয়া উপস্থিত থাকে।

সংগঠনসমূহৰ হৈ সদৌ মৰাণ ছাত্ৰ সন্থাৰ সভাপতি অৰুণজ্যোতি মৰাণ, সাধাৰণ সম্পাদক নৱ মৰাণ, সহকাৰী সম্পাদক হেম বৰুৱা, সদৌ অসম মটক সন্মিলনৰ সম্পাদক কাজল গোহাঁই, সদৌ অসম মটক যুৱ ছাত্ৰ সন্মিলনৰ উপ সভাপতি ৰঞ্জিত গোহাঁই, কোচ ৰাজবংশী সংগ্ৰাম সমিতিৰ সভাপতি অতুল ৰায়, সদৌ কোচ ৰাজবংশী ছাত্ৰ সন্থাৰ উপদেষ্টা প্ৰদীপ ৰায়, সম্পাদক গকুল বৰ্মন, কোচ ৰাজবংশী সন্মিলনৰ বিৰেশ্বৰ শইকীয়া, সদৌ তাই আহোম ছাত্ৰ সন্থাৰ যুটীয়া সম্পাদক মনোজ গগৈ লগতে দেৱজিৎ গগৈ, দৰ্পন চিৰিং ফুকন, সদৌ অসম চুতীয়া ছাত্ৰ সন্থাৰ সম্পাদক মহেন বৰা আৰু অসম চাহ জনজাতি ছাত্ৰ সন্থাৰ সহকাৰী সম্পাদক ৰঞ্জিত ঠাকুৰ আৰু সাংগঠনিক সম্পাদক যতীন বৰা উপস্থিত থাকে।

অধিক খবৰৰ বাবে পঢ়ক : শীৰ্ষ বাতৰি

Next Story
চাকৰি