জনজাতীয় বেল্ট আৰু ৰাজহ চক্ৰ সমুহৰ সুৰক্ষাৰ বাবে নতুন ভূমি নীতি

ৰাজ্যৰ জনজাতীয় বেল্ট আৰু ৰাজহ চক্ৰ সমুহত অবৈধ ভুমি বেচা-কিনা আৰু হস্তান্তৰ ৰোধৰ বাবে অসম চৰকাৰে নতুন ভুমি নীতিৰ বাবে কঠোৰ খচৰা প্ৰস্তুত কৰি উলিয়াইছে। মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালে ইতিমধ্যে ৰাজহ বিভাখক এক নিৰ্দিষ্ট, কঠোৰ ভুমি নীতি প্ৰণয়ন কৰি উলিওৱাৰ বাবে নিৰ্দেশ প্ৰদান কৰিছে। জনজাতীয় বেল্ট সমুহত চলি থকা অবৈধ ভূমি বেদখল সন্দৰ্ভত গভীৰ উদ্বেগ প্ৰকাশ কৰি সোনোৱালে নতুন ভূমি নীতিৰ দ্বাৰা অতি সীঘ্ৰে শিপাৰ পৰা এই ধৰণৰ কাৰ্য সমুহ উতখাত কৰাৰ বাবে খৰতকীয়া ব্যাৱস্থা লোৱাৰ কথা দোহাৰে।
মুখ্যমন্ত্ৰীৰ নিৰ্দেশনা অনুযায়ী ৰাজহ বিভাগে প্ৰস্তুত কৰি উলিওৱা নতুন ভূমি নীতিত সংৰক্ষিত ভূমি সমুহ ৰক্ষণাবেক্ষনৰ বাবেও সুকীয়া নীতি গ্ৰহণ কৰা হব। ৰাজ্যত জনজাতীয় বেল্ট আৰু ত্ৰিশটা জনজাতীয় অধীনত ৮৫,৮০,৮৪২ বিঘা ভূমি আছে আৰু স্বাধীনতাৰ পিছতে এই ভূমি সমুহ সংৰক্ষণৰ ব্যাৱস্থা লোৱা হৈছিল। ১৯৪৭ চনত প্ৰথমবাৰৰ বাবে গোৱালপাৰা জিলাৰ কিছু অঞ্চলৰ ভূমি সংৰক্ষণ কৰা হৈছিল আৰু পিছৰ পৰ্যায়ত ক্ৰমে লক্ষীমপুৰ, দৰং আদি জিলাৰ ভূমি জনজাতীয় বেল্টৰ অধীনত সংৰক্ষণ কৰা হৈছিল।ৰাজ্যৰ বিভিন্ন দল সংগঠন সমুহে ভিন্ন ভিন্ন সময়ত এই সংৰক্ষিত ভূমি সমূহত বাংলাদেশীৰ আগ্ৰাসন হোৱা বুলি দাবী তুলি ইয়াক বেদখল মুক্ত কৰাৰ বাবে চৰকাৰক আবেদন জনাই আহিছে।