Begin typing your search above and press return to search.

জন্ম দিনৰ দিনাই অনুৰাগীলৈ সুখবৰ আগবঢ়ালে বলীউডৰ অভিনেতা বৰুন ধাৱানে

জন্ম দিনৰ দিনাই অনুৰাগীলৈ সুখবৰ আগবঢ়ালে বলীউডৰ অভিনেতা বৰুন ধাৱানে

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  24 April 2019 9:48 AM GMT

আজি বলীউডৰ অভিনেতা বৰুণ ধাৱনৰ(Varun Dhawan) জন্ম দিন ৷ প্ৰথমতে বলীউডৰ জনপ্ৰিয় অভিনেতাগৰাকীলৈ জন্ম দিনৰ অলেখ শুভ কামনা ৷ ১৯৮৭ চনৰ ২৪ এপ্ৰলিত মহাৰাষ্ট্ৰৰ মুম্বাইত জন্ম গ্ৰহণ কৰিছিল বৰুন ধাৱনে ৷ পিতৃ ডেভিদ ধাৱান আৰু মাতৃ কৰুণা ধাৱানৰ পুত্ৰ বৰুন ধাৱনৰ অভিনয়ৰ প্ৰতি আছিল বিশেষ ধাউতি ৷ বৰুন ধাৱনৰ ভাতৃৰ নাম হৈছে ৰোহিত ধাৱান ৷ ৰোহিত ধাৱন হৈছে এজন পৰিচালক ৷ বলীউডৰ লগত জড়িত পৰিয়ালৰ পৰা অহা বৰুণ ধাৱনে নিজৰ অভিনয় প্ৰতিভাৰ কাৰণে বি টাউনত প্ৰতিষ্ঠা লাভ কৰিবলৈ সক্ষম হয় ।

কৰণ জোহৰৰ ছবি মাই নেম ইজ খানত সহ পৰিচালক হিচাপে কাম কৰা বৰুণ ধাৱনে ২০১২ চনত ষ্টুডেণ্ট অৱ দ্য ইয়েৰৰ জৰিয়তে বলীউডলৈ যাত্ৰা কৰে। ইয়াৰ পিছত ২০১২ চনত হামটি শৰ্মা কী দুলহনীয়া,২০১৫ চনত ABCD 2,২০১৫ চনত হাস্যমধুৰ ছবি "দিলৱালে" আৰু ২০১৭ চনত জুড়ৱা ২ ৰে সফলতাৰ শীৰ্ষত আৰোহন কৰে ৷ ২০১৫ চনত মুক্তি প্ৰাপ্ত বদলাপুৰ ছবিখনত বৰুণ ধাৱনক সাৱলীল অভিনয় কৰা দেখিবলৈ পোৱা যায়। ২০১৭ চনত বৰুন ধাৱনে অভিনয় কৰে বদৰী নাথ কী দুলহনীয়া ছবিত ৷ ২০১৮ ত "অক্টোবৰ"আৰু চলিত বৰ্ষত ১৭ এপ্ৰিলত মুক্তি পায় বৰুণ ধাৱনৰ বহু চৰ্চিত ছবি "কলংক" ৷

সম্প্ৰতি কলংকত বৰুণ ধাৱনৰ অভিনয় চৰ্চা লাভ কৰিছে সৰ্বত্ৰে ৷ ন’হবনো কিয় ,কলংকত বৰুণে কৰা জফাৰ চৰিত্ৰটোক সাৱলীল ভাৱে উপস্থাপন কৰিছে৷ কলংক ছবিত বৰুণ ধাৱানৰ লগত অভিনয় কৰিছে আলিয়া ভাট্ট,সোনাক্ষী সিন্হা,আদিত্য ৰয় কাপুৰ,মাধুৰী দীক্ষিত আৰু সঞ্জয় দত্তই। সততে দেখা যায় যে বৰুণ ধাৱন আৰু বলীউডৰ অভিনেত্ৰী আলিয়া ভাট্ৰ যি কেমেষ্ট্ৰী সেয়া যথেষ্ট উল্লেখযোগ্য ৷ ব্যতিক্ৰম নহয় কলংক ছবিখনো ৷ উপাৰ্জনৰ ক্ষেত্ৰত বৰুণ ধাৱনৰ ছবিসমূহে বক্স অফিচত ধুমুহাৰ সৃষ্টি কৰে।

ইফালে ২০১৪ চনত ফৰ্বছ আলোচনীৰ ভাৰতৰ ১০০ জন অত্যাধিক পাৰিশ্ৰমিক লোৱা ছুপাৰষ্টাৰৰ ভিতৰত বৰুণ ধাৱানে স্থান পাবলৈ সক্ষম হয়।ইফালে আজি ৩২ বছৰীয়া হোৱা বৰুণ ধাৱনে বলীউডৰ চলচ্চিত্ৰ অনুৰাগীসকললৈ কঢ়িয়াই আনিছে এক বিশেষ সুখবৰ ৷ কাৰণ আজি বৰুণ ধাৱনৰ পিতৃ ডেভিড ধাৱনে কুলী নাম্বাৰ ১পুনৰ নিৰ্মাণ কৰাৰ কথা ঘোষণা কৰে ৷ছবিখনৰ জৰিয়তে ২৫ বছৰৰ পিছত বাসু ভগনানী আৰু ডেভিড ধাৱনে একেলগে কাম কৰিব ৷

বৰুন ধাৱান লগত কুলী নাম্বাৰ ১ ত অভিনয় কৰিব সাৰা আলী খানে। এই ছবি খনৰ দৃশ্য গ্ৰহণ আৰম্ভ হ’ব চলিত বৰ্ষৰ আগষ্টৰ পৰা ৷ অন্যহাতে বিশেষকৈ যুৱতী সকলৰ প্ৰিয় অভিনেতা বৰুন ধাৱানৰ আৰু প্ৰেমিকা নাটাশা দালালৰ সম্পৰ্কটোৰ বিষয়ে সম্প্ৰতি চৰ্চা লাভ কৰিছে ৷ এক বিশেষ সূত্ৰৰ খবৰ অনুসৰি দুয়োজনেই অনতিপলমে বিবাহ পাশত আৱদ্ধ হ’ব।শেষত বলীউডৰ অভিনেতা বৰুন ধাৱানে যাতে ছুপাৰহিট ছবিৰ জৰিয়তে দৰ্শকক আকৰ্ষিত কৰি থাকে তাৰেই কামনা কৰিছে সকলো অনুৰাগীয়ে।

অন্য খবৰৰ বাবে পঢ়ক : মনোৰঞ্জন

Next Story