Begin typing your search above and press return to search.

জম্বু কাশ্মীৰত ৩ জন CRPF জোৱানক হত্যা

জম্বু কাশ্মীৰত ৩ জন CRPF জোৱানক হত্যা

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  21 March 2019 8:18 AM GMT

জম্বু কাশ্মীৰৰ CRPF কেম্পত সতীৰ্থয়ে হত্যা কৰিলে তিনিজন সতীৰ্থ জোৱানক । বুধবাৰে নিশা প্ৰায় ১০ বজাৰত এই ঘটনা সংঘটিত হৈছিল । CRPF জোৱান অজিত কুমাৰে কিবা কথাত অসন্মত হৈ সতীৰ্থ ৩ জন জোৱানক গুলীয়াই হত্যা কৰে ।

উধামপুৰৰ বট্টল বালিয়ান অঞ্চলৰ ১৮৭নং বেটেলিয়ন কেম্পত অজিত কুমাৰ নামৰ CRPF জোৱানজনে পৰস্পৰৰ মাজত কাজিয়াৰ পৰিণতিতে গুলীয়াই হত্যা কৰে তিনি সতীৰ্থক। এই ঘটনাৰ পিছতে নিজেও গুলীয়াই আত্মহত্যাৰ চেষ্টা চলায় জোৱানজনে। বৰ্তমান সংকটজনক অৱস্থাত চিকিৎসাধীন অজিত কুমাৰ।

হত্যা কৰা CRPF ৰ জোৱান কেইজন ৰাজস্থানৰ ঝুঙহুনু পকাৰমাল আৰ, দিল্লীৰ যোগেন্দ্ৰা শৰ্মা আৰু হাৰিয়ানাৰ ৰিৱাৰি ওমেদ সিঙ। ঘটনা সংঘটিত হোৱাৰ পাছতে শীৰ্ষ CRPF ৰ বিষয়া আৰু আৰক্ষীৰ শীৰ্ষ বিষয়া ঘটনাস্থলীত উপস্থিত হয় ।

অধিক খবৰৰ বাবে পঢ়ক :শীৰ্ষ বাতৰি

Next Story