পুনৰ ভাৰতৰ সেনালৈ লক্ষ্য কৰি পাকিস্তানৰ গুলিবৰ্ষণ । জম্বু কাশ্মীৰৰ ৰাজৌৰি জিলাৰ সুন্দেৰবানি ছেক্টৰলৈ লক্ষ্য কৰি পাকিস্তানে কৰা গুলীচালনা ঘটনাত ভাৰতৰ এজন জোৱান শ্বহীদ হৈছে । এই সংঘৰ্ষত ২৪ বছৰীয়া য়েচ পল নামৰ এজন জোৱান শ্বহীদ হৈছে বুলি আজি প্ৰকাশ কৰিছে । উল্লেখযোগ্য যে LOC সীমান্তত মাৰ্চৰ প্ৰথম সপ্তাহৰ পৰা কমেও ১০০ বাৰ যুদ্ধ বিৰতি উলংঘা কৰিছে পাকিস্তানে ।
সোমবাৰে নিশা পাকিস্তানী সেনায়ে মৰটাৰ বোমা আৰু নিৰ্বিচাৰ গুলীচালনা কৰিছিল LOC আখনুৰ আৰু সুন্দেৰবানি ছেক্টৰলৈ লক্ষ্য কৰি বুলি এজন নিৰাপত্তা ৰক্ষীয়ে প্ৰকাশ কৰিছে । এই সংঘৰ্ষত এজন সেনা জোৱান শ্বহীদ হোৱাৰ লগতে ৪ জন সেনা জোৱান গুৰুত্বৰ ভাৱে আহত হৈছে । আহত সকলৰ ভিতৰত কাৰামজিৎ সিঙৰ অবস্থা অতি সংকটজনক বুলি প্ৰকাশ কৰিছে ।
১৪ ফেব্ৰুৱাৰীত পুলোৱামাত সন্ত্ৰাসবাদী সংগঠনৰ জেইছ ই-মহম্মদে কৰা আক্ৰমণত ভাৰতৰ ৪০ জনকৈ সেনা জোৱানশ্বহীদ হৈছিল । তাৰ প্ৰত্যুত্তৰত স্বৰুপে ২৬ ফেব্ৰুৱাৰীত বালাকোটৰ সন্ত্ৰাসবাদীৰ ঘাটিত ভাৰতৰ বায়ুসেনাই ছাৰ্জিকেল ষ্ট্ৰাইক কৰাৰ পিছৰে পৰা সীমান্তত যুদ্ধ সদৃশ পৰিস্থিতি অব্যাহত আছে ।
অধিক খবৰৰ বাবে পঢ়ক :শীৰ্ষ বাতৰি