জিএচটি পৰিষদৰ সিদ্ধান্ত, নতুন বছৰৰ পৰা হ্ৰাস পাব দৈনন্দিন ব্যৱহাৰ্য্য সামগ্ৰীৰ মূল্য

নতুন বছৰৰ পৰা হ্ৰাস পাব নিত্য ব্যৱহাৰ্য সামগ্ৰীৰ মূল্য। বুধ বাৰৰ পৰা কাৰ্য্যকৰী হোৱাকৈ সামগ্ৰী সমূহৰ মূল্য হ্ৰাস পাব। চৰকাৰে যোৱা মাহত জিএচটি পৰিষদৰ লগত আলচনা কৰি জিএচটি কৰ হ্ৰাস কৰাৰ সিদ্ধান্ত লোৱাৰ পিছত হ্ৰাস পাব সামগ্ৰী সমূহৰ মূল্য। ২০১৮ চনৰ ডিচেম্বৰৰ ২২ তাৰিখে কেন্দ্ৰীয় বিত্ত মন্ত্ৰী অৰুণ জেটলীৰ সভাপতিত্বত অনুষ্ঠিত হোৱা জিএচটি পৰিষদৰ ৩১ সংখ্যক বৈঠকত ২৩ বিধ দৈনন্দিন ব্যৱহাৰ হোৱা সামগ্ৰীৰ ওপৰত আৰোপ কৰা জিএচটিৰ পৰিমাণ হ্ৰাস কৰাৰ সিদ্ধান্ত গ্ৰহন কৰা হয়। কম্পিউটাৰ মনিটৰ, টিভি স্ক্ৰীণ, ভিডিঅ গেম, পাৱাৰ বেংক, হুইল চেয়াৰ, চিনেমাৰ টিকত আদি সামগ্ৰীৰ ওপৰত আৰোপ কৰা সৰ্বাধিক ২৮ শতাংশ জিএচটিৰ পৰিমানৰ তালিকাৰ পৰা কৰ্তন কৰা হয়। সাধাৰণ মানুহে ব্যৱহাৰ কৰা কেবল চিমেণ্টৰ ওপৰতহে সৰ্বাধিক জিএচটি কৰ আৰোপ কৰা হৈ আছে।
ৰেচন জাত সামগ্ৰী সমূহৰ ওপৰত আৰোপিত জিএচটি কৰৰ পৰিমানো হ্ৰাস কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। ভিডিঅ গেম, ডিজিটেল গেম, কেমেৰা ৰেকৰ্ডাৰ, টিভি স্ক্ৰীণকে সামৰি ৩২ বিধ সামগ্ৰী এতিয়াৰে পৰা ১৮ শতাংশ জিএচটি কৰৰ ভিতৰত আহিব। হুইল চেয়াৰজাত সামগ্ৰীৰ ওপৰত আৰোপ হৈ থকা জিএচটি কৰৰ পৰিমান ২৮ শতাংশৰ পৰা ৫ শতাংশলৈ হ্ৰাস কৰা হৈছে।এই ক্ষেত্ৰত শূন্য শতাংশ কৰৰ চেষ্টা কৰি থকা হৈছিল যদিও সেয়া বৰ্তমানে সম্ভৱ হৈ উঠা নাই বুলিও কেন্দ্ৰীয় বিত্ত মন্ত্ৰী অৰুণ জেটলীয়ে মন্তব্য কৰিছে। এয়াৰ কণ্ডিচনাৰ, বাচন বৰ্তনজাত সামগ্ৰী আৰু ডাঙৰ টিভিৰ ওপৰত আৰোপ হৈ থকা জিএচটি কৰ এতিয়ালৈ একেই আছে। মটৰ চাইকেল আৰু সামগ্ৰী কঢ়িওৱা বাহনৰ তৃতীয় পক্ষৰ বীমাৰ ক্ষেত্ৰতো আৰোপিত জিএচটিৰ পৰিমান ১৮ শতাংশৰ পৰা ১২ শতাংশলৈ হ্ৰাস কৰা হৈছে। ১০০ টকাৰ ভিতৰত থকা চিনেমাৰ টিকতৰ ক্ষেত্ৰতো সমপৰিমানৰ জিএচটি হ্ৰাস কৰা হৈছে। আনহাতে ১০০ টকাৰ ওপৰৰ মূল্যৰ চিনেমাৰ টিকতৰ ক্ষেত্ৰত আৰোপ হৈ থকা জিএচটিৰ পৰিমান ২৮ শতাংশৰ পৰা ১৮ শতাংশলৈ হ্ৰাস কৰা হৈছে।
মাৰ্বল পাথৰ, প্ৰাকৃতিক কৰ্ক আদিৰ ওপৰত আৰোপ হৈ থকা নিম্নতম জিএচটিৰ পৰিমাণ হৈছে ৫ শতাংশ। জিএচটিৰ আওটাৰ পৰা বাদ পৰা সামগ্ৰী সমূহৰ ভিতৰত মিউজিক বুক আৰু সংৰক্ষিত শাক-পাচলিয়ে প্ৰধান। প্ৰায় ১২৫০ বিধ নিত্য ব্যৱহাৰ্য সামগ্ৰীৰ ওপৰত জিএচটিৰ আধাৰত ৫ শতাংশ, ১২ শতাংশ, ১৮ শতাংশ আৰু ২৮ শতাংশ কৰ আৰোপ কৰা হৈ আছে। জিএচটিৰ বৈধকৰ অন্তত ১৭ বিধ সামগ্ৰীৰ ওপৰত আৰোপ কৰা কৰৰ পৰিমাণ হ্ৰাস কৰাৰ ফলত চৰকাৰ ৫৫০০০ কোটি টকাৰ বিত্তীয় ঘাটিৰ সন্মুখিন হব। চিমেণ্ট আৰু মটৰগাড়ীৰ নিৰ্মানত ব্যৱহৃত সামগ্ৰীৰ ওপৰত আৰোপিত ২৮ শতাংশ জিএচটিৰ পৰিমাণ হ্ৰাস কৰিলে চৰকাৰে ৩৩০০০ কোটি বিত্তিয় ঘাটিৰ সন্মুখিন হব।
অধিক খবৰৰ বাবে পঢ়ক শীৰ্ষ বাতৰি