জিলা উপায়ুক্তই পৰিদৰ্শন কৰিলে লিগিৰীবাৰী গাৱঁৰ মডেল টেক্সটাইলত

শিৱসাগৰ জিলাৰ জিলা উপায়ুক্তই যোৱা বৃহস্পতিবাৰে পৰিদৰ্শন কৰে শিৱসাগৰ জিলাৰ ডিচাংমুখৰ ৰাজ্যৰ প্ৰথম খন মডেল টেক্সটাইল পৰিদৰ্শন কৰে আৰু সাম্প্ৰদায়িক ৱেভিং চেণ্টাৰো পৰিদৰ্শন কৰে।ৱেভাৰ্চে আয়োজন কৰা অনুষ্ঠান খনত ঝায়ে অংশগ্ৰহন কৰে।অনুষ্ঠান খনত উপস্থিত থাকি ঝায়ে মত প্ৰকাশ কৰে যে,যিসময়ত বজাৰৰ অভাৱে,পৃষ্ঠপোষকতাৰ অভাৱে হাতেবোৱা তাতঁশালৰ কাম লাহে লাহে নোহোৱা হ'বলৈ ধৰিছে,তেনেসময়তে লিগিৰীবাৰীৰ বোৱনী সকল আৰু গাঁওবাসী সকলে পৰম্পৰাগত হাতেবোৱাৰ এই কামে মহিলা সকলক কৰ্ম সংস্থাপনৰ বাট মুকলি কৰাত সহায় কৰিছে।
শিৱসাগৰ জিলাৰ প্ৰশাসনিক বিভাগে সদায়ে মহিলা সকলক পৰম্পৰাগত সামগ্ৰীৰ বজাৰৰ ক্ষেত্ৰত সহায় কৰি আহিছে আৰু বিভিন্ন প্ৰত্যাহ্বানৰ সন্মুখীন সমাধান কৰিবলৈও সহায় আগবঢ়ায়।অনুষ্ঠান খনত উপস্থিত থাকে,শিৱসাগৰৰ জিলা বিকাশ উপায়ুক্ত অভিজিত বৰুৱা,হস্ততাঁত আৰু বস্ত্ৰশিল্প বিভাগৰ সহকাৰী সঞ্চালক ৰাম কৃষ্ণ শৰ্মা দেৱ আৰু সামাজ সেৱক পুনৰাম মিলি।