Begin typing your search above and press return to search.

ডিমা হাচাওত ৰাষ্ট্ৰীয় ঘাইপথৰ জৰাজীৰ্ণ অবস্থা

ডিমা হাচাওত ৰাষ্ট্ৰীয় ঘাইপথৰ জৰাজীৰ্ণ অবস্থা

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  5 Dec 2018 11:25 AM GMT

আজিও অপৰিবৰ্তিত হৈ আছে ডিমা হাচাওৰ মাজেৰে পাৰহৈ যোৱা ৰাষ্ট্ৰীয় ঘাইপথৰ জৰাজীৰ্ণ ৰূপ। পৰিবৰ্তনৰ শ্লোগান দিয়া বিজেপি চৰকাৰ কেন্দ্ৰত পাচ বছৰ সমাপ্ত কৰাৰ পথত কিন্তু ডিমা হাচাওৰ যাতায়তৰ প্ৰধান পথছোৱাৰ কোনো ধৰণৰ উন্নতি নহল। ডিমা হাচাওৰ জনসাধাৰণে ভাৰতীয় ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণৰ পথছোৱা নিৰ্মাণৰ ক্ষেত্ৰত নিষ্ক্ৰিয় ভূমিকা সন্দৰ্ভত গভীৰ উদ্বেগ প্ৰকাশ কৰে।

বৰাক উপত্যকাৰ প্ৰধানকৈ ডিমা হাচাওৰ জনসাধাৰণে জাতিংগা আৰু হাৰাংজাও সংযোগী ৰাষ্ট্ৰীয় ঘাইপথ-৫৪(ই) ৰ বহু অংশ দীৰ্ঘদিন ধৰি বেয়া হৈ থকা বাবে জীয়াতু ভোগ কৰি আহিছে।ৰাষ্ট্ৰীয় ঘাই পথটোৰ এই অংশছোৱা ১০-১৫ বছৰে জৰাজীৰ্ণ ৰূপত পৰি আছে। অঞ্চলটোৰ কিছু জনসাধাৰণে পথছোৱা মেৰামতিৰ নামত ভিতৰুৱা বিসংগতি থকাৰ সন্দেহ প্ৰকাশ কৰি পথৰ মেৰামতিৰ নামত ধনৰ হৰলুকী হোৱাৰ অভিযোগ তোলে।

অধিক খবৰৰ বাবে পঢ়ক: ৰাজ্যিক বাতৰি

Next Story
চাকৰি