Top
Begin typing your search above and press return to search.

ঢেকিয়াজুলীত নিৰ্বাচনী প্ৰচাৰ মন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ

ঢেকিয়াজুলীত নিৰ্বাচনী প্ৰচাৰ মন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  4 April 2019 10:39 AM GMT

বিজেপিৰ চৰ্চিত মন্ত্ৰী ড° হিমন্ত শৰ্মাই বুধবাৰে তেজপুৰ লোকসভা আসনৰ প্ৰাৰ্থী পল্লৱ লোচন দাসৰ পক্ষত ঢেকিয়াজুলী বয়জ হাইস্কুল খেলপথাৰত এক বিশাল ৰেলীত অংশ লয়। ৰেলীত প্ৰায় ২০,০০০ ৰো অধিক বিজেপি সমৰ্থকে ভাগ লয় ৷ ইফালে নিৰ্বাচনী ৰেলীৰ কাৰণে ঢেকিয়াজুলীৰ ৰাষ্ট্ৰীয় পথ ১৫ ত ব্যাপক যান জটঁৰ সন্মুখীন হয় ৷

মন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই এখন বিশেষ বিমানেৰে ঢেকিয়াজুলী চাহ বাগানৰ খেলপথাৰত অৱতৰন কৰে ৷ইয়াৰ পিছতেই মন্ত্ৰী জন উপস্থিত হয় ঢেকিয়াজুলী বয়জ স্কুলৰ খেলপথাৰত। নিৰ্বাচনী ৰেলীখন সম্বোধিত কৰি মন্ত্ৰী ড° শৰ্মাই কংগ্ৰেছক কটাক্ষ কৰি কয় যে, তেওঁৰ চৰকাৰে বাংলাদেশী মুছলমানক বৰদোৱা,কাজিৰঙা আৰু পাটবাউসীৰ পৰা বহিস্কাৰ কৰোঁতে কংগ্ৰেছে কোনো প্ৰতিক্ৰিয়া প্ৰকাশ কৰা নাছিল ৷ বাংলাদেশী মুছলিমসকলৰ বিৰুদ্ধে কংগ্ৰেছ নেতা সকলে কোনো মন্তব্য নকৰে ৷

এই লোকসকলক কংগ্ৰেছে ভোট বেংক হিচাপে ব্যৱহাৰ কৰিছে ৷ সম্প্ৰতি প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈয়ে পুত্ৰ গৌৰৱ গগৈৰ ৰাজনৈতিক কেৰিয়াৰৰ কাৰণে বদৰুদ্দিন আজমলৰ ওচৰত আত্মসমৰ্পন কৰিলে ৷ কিন্তু আমি আজমলৰ স্থিতিৰ বিৰুদ্ধে বিৰোধ কৰিম ৷ এই মন্তব্য মন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ ৷ অন্যহাতে নিৰ্বাচনী এই ৰেলীত আশোক সিংঘাল,মন্ত্ৰী ৰঞ্জিত দত্ত,গণেশ লিম্বু,কিশোৰ উপাধ্যায়,জিতু কিশানৰ লগত অন্যান্যসকল উপস্থিত আছিল ৷

অধিক খবৰৰ বাবে পঢ়ক : ৰাজ্যিক বাতৰি

Next Story