তিনিচুকীয়াত আহোম সেনাই অমিত শ্বাহ আৰু সৰ্বানন্দ সোণোৱালৰ পুত্তলিকা দাহ

তিনিচুকীয়াত অসম চুক্তি ৰূপায়ণ আৰু নাগৰিকত্ব সংশোধনী বিধেয়ক বাতিলৰ দাবীত আৰু ধৰ্মৰ ভিত্তিত বিদেশী চিনাক্তকৰণৰ বিৰোধিতা কৰি বুধবাৰে আহোম সেনাই ভাৰতীয় জনতা পাৰ্টিৰ ৰাষ্ট্ৰীয় অধ্যক্ষ অমিত শ্বাহ আৰু মূখ্যমন্ত্রী সৰ্বানন্দ সোণোৱালৰ পুত্তলিকা দাহ কৰে । অমিত শ্বাহে নাগৰিকত্ব সংশোধনীৰ সমৰ্থনত মন্তব্য কৰি অসম আন্দোলনৰ ৮৫৫ জন শ্বহীদক অপমান কৰিছে বুলি আহোম সেনাই অভিযোগ তোলে । লগতে জাতি মাটি ভেটি দোহাই দি চৰকাৰ গঠন কৰা সৰ্বানন্দ সোণোৱালৰ চৰকাৰখনে যি জাতিধ্বংসী নীতি গ্ৰহণ কৰিছে তাক গৰিহণা দি এই ক্ষেত্রত মূখ্যমন্ত্রীৰ স্থিতি স্পষ্ট কৰিবলৈ সংগঠনটোৱে দাবী তুলিছে । সংগঠনটোৱে স্পষ্টভাৱে জনায় যে যদিহে চৰকাৰে অসম চুক্তিক আখৰে আখৰে পালন নকৰে তেন্তে অনাগত দিনত অসমত বিজেপি দলে প্ৰৱল প্ৰত্যাহ্বানৰ সন্মূখীন হবলৈ সাজু থাকক । এই সন্দৰ্ভত আহোম সেনাৰ যুটীয়া সম্পাদক বাবুল লিকচনে সংবাদ মাধ্যমক জনালে এনেদৰে ।