Begin typing your search above and press return to search.
তিনিচুকীয়াত গৰাখহনীয়াৰ কবলত পৰি নিঃশেষ হৈছে এটা পথ

তিনিচুকীয়াৰ লাইপুলি পথটো বৰ্তমান গৰাখহনীয়াৰ কবলত পৰি নিঃশেষ হোৱাৰ পথত ।পথটোৰ এনে অৱস্থাৰ ফলত জীয়াতু ভূগিছে উক্ত পথেৰে নিতৌ অহা যোৱা কৰা পথাচাৰী আৰু স্থানীয় লোকে | বৰ্তমান খহনীয়াৰ ফলত পথটো পৰিণত হৈ পৰিছে মৰণফান্দত । এই পথৰ খহনীয়া অংশত প্ৰায়েই চাইকেল, অ'ট, বাইক আদিৰ দূৰ্ঘটনা সংঘটিত হৈ থাকে বুলি স্থানীয় ৰাইজে আমাক জানিব দিয়ে । খহনীয়াৰ ফলত বৰ্তমান এই বাটেৰে যোৱা বিদ্যালয়ৰ বাছসমূহ ৰাইজৰ দ্বাৰা দূৰ্ঘটনাৰ আশংকাত বন্ধ কৰি ৰখা হৈছে ।ফলত বিদ্যালয় যোৱা ছাত্র ছাত্রীৰ লগতে অভিভাৱক সকলৰো সাৰাশাস্তি হয় । উল্লেখযোগ্য যে এই পথৰে তিনিচুকীয়াৰ পৰা লাইপুলি, কদমনি, মৰাণকেৰী, দহোটীয়া আদি গাঁওৰ হাজাৰ হাজাৰ লোকে নিতৌ অহা যোৱা কৰিবলগীয়া হয় । এই গাঁওসমূহৰ পৰা নিতৌ কণ কণ শিশুৰ পৰা কিশোৰ-কিশোৰী সকলেও বিদ্যালয়লৈ অহা যোৱা কৰে ।
Next Story