তিনিচুকীয়াত শান্তিপুৰ্ণ নিৰ্বাচন, ৪৯ শতাংশ ভোট গ্ৰহণ সম্পন্ন

ৰাজ্যত সামৰণি পৰিল প্ৰথম পৰ্যায়ৰ পঞ্চায়ত নিৰ্বাচনৰ ভোট গ্ৰহণ প্ৰক্ৰিয়া, অন্যান্য জিলাৰ লগতে দুই এটা সৰু সুৰা ঘটনাক বাদ দি শান্তিপুৰ্ণ ভাবে সামৰণি পৰে তিনিচুকীয়াৰ জিলাৰ পঞ্চায়ত নিৰ্বাচনৰ ভোট গ্ৰহণ প্ৰক্ৰিয়া।প্ৰত্যক্ষদৰ্শীৰ ভাষ্য অনুসৰি তিনিচুকীয়া,মাৰ্ঘেৰিটা,শদিয়াত আবেলিলৈ ভোট গ্ৰহণ প্ৰক্ৰিয়া চলি থাকে আৰু ভোট গ্ৰহণ কেন্দ্ৰ সমূহত দীঘলীয়া শাৰী পাতি ভোটাৰ সকলে নিজৰ গণতান্ত্ৰিক অধিকাৰ সাব্যস্ত কৰে। দুই এটা ভোট গ্ৰহণ কেন্দ্ৰত ভোটাৰৰ বাবে নিৰ্ধাৰিত সময়ৰ পিছতো ভোট গ্ৰহণ চলাব লগীয়া হয়।
হাপজান গাওঁ পঞ্চায়তৰ এক নং হালুটপ প্ৰাথমিক বিদ্যালয় ভোট গ্ৰহণ কেন্দ্ৰত নিৰ্বাচনী প্ৰতীক চিহ্নত থকা বিসংগতিৰ বাবে কিছু সময়ৰ বাবে ভোটগ্ৰহণত ব্যাহত হৈছিল যদিও পৰবৰ্তী সময়ত সেই বিসংগতি শুধৰণি কৰি সুকলমে ভোট গ্ৰহণ অনুষ্ঠিত কৰা হয়।উক্ত ভোট গ্ৰহণ কেন্দ্ৰটোত তিনি ঘণ্টা অধিক সময় ভোট দানৰ বাবে বঢ়াই দিয়া হয়।তিনিচুকীয়া জিলাৰ নিৰ্বাচনী আয়ুক্ত দেবেশ্বৰ বৰাই বিয়লি ৩ বজালৈ জিলাখনত ৪৯.০৮ শতাংশ ভোট গ্ৰহণ হোৱা বুলি জানিবলৈ দিয়ে। জিলাখনৰ সকলো ভোটগ্ৰহণ কেন্দ্ৰত সুকলমে ভোট গ্ৰহণ অনুষ্ঠিত কৰাৰ কাৰণে পৰ্যাপ্ত সুৰক্ষা ব্যৱস্থা গ্ৰহণ কৰা হৈছিল বুলি উপায়ুক্ত অইনাম শৰণকুমাৰ সিঙে কয়।
শদিয়াত ভোটাৰ তালিকাত নাম নহাক কেন্দ্ৰ কৰি সৃষ্টি হোৱা উত্তেজনা সন্দৰ্ভত শদিয়াৰ নিৰ্বাচনী আয়ুক্ত অঞ্জনাভ চলিহাই কয় যে ৰাজনৈতিক দল সমূহে ভোটাৰ সকলক প্ৰদান কৰা ভোটাৰ তালিকা সমূহ নতুন ভোটাৰ তালিকা নহয় সেই বাবে ভোটাৰ ৰাইজৰ মাজত কিছু ভুল বুজাবুজিৰ সৃষ্টি হয়।
অধিক খবৰৰ বাবে পঢ়ক ৰাজ্যিক বাতৰি