Begin typing your search above and press return to search.

তৃতীয় পৰ্যায় নিৰ্বাচনৰ বাবে সাজু কামৰূপ জিলা প্ৰশাসন

তৃতীয় পৰ্যায় নিৰ্বাচনৰ বাবে সাজু  কামৰূপ জিলা প্ৰশাসন

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  22 April 2019 8:33 AM GMT

২৩ এপ্ৰিলত অনুষ্ঠিত হব তৃতীয় পৰ্যায় ভোট গ্ৰহণ । তৃতীয় পৰ্যায় ভোট গ্ৰহণৰ বাবে ইতিমধ্যে ভোট গ্ৰহণ কেন্দ্ৰ সমুহলৈ মেচিনৰ লগতে নিৰ্বাচনী বিষয়া সকলক পঠিওৱা হৈছে বুলি প্ৰকাশ কৰিছে। জিলা প্ৰশাসনে ১৩ ফ্লাইঙ স্কুৱাৰ্ড , ১২ ষ্টেটিক চাৰ্ভিলেঞ্চে টিম আৰু ১২ ভিডিঅ চাৰ্ভিলেঞ্চে টিম, ৪ ভিডিঅ ভিওঙি টিম আৰু একাউণ্টিঙ টিমৰ লগতে আন নিৰ্বাচনী বিষয়াক নিয়োগ কৰিছে । ভোট গ্ৰহণ কেন্দ্ৰ সমুহত ৫,৫০০ নিৰ্বাচনী বিষয়া নিয়োগৰ লগতে ৪০ মাইক্ৰ পৰ্যবেক্ষক জিলা প্ৰশাসনে নিয়োগ কৰিছে । জিলা খনৰ ১,১৯৫ ভোট গ্ৰহণ কেন্দ্ৰত খোৱা পানীৰ লগতে, শৌচাগাৰ আৰু যাবতীয় আচবাবৰ সুবিধা কৰা হৈছে বুলি প্ৰকাশ কৰে।

জিলা খনৰ ৫৯ টা সমষ্টি স্পৰ্শকাতৰ বুলি চিনাক্ত কৰা হৈছে । গুৱাহাটী লোকসভা সমষ্টিত ২১ টা ভোট গ্ৰহণ কেন্দ্ৰ স্পৰ্শকাতৰ বুলি চিনাক্ত কৰা হৈছে বুলি প্ৰকাশ কৰে। দিছপুৰত ২৬ টা আৰু পশ্চিম গুৱাহাটীত ১২ টা স্পৰ্শকাতৰ ভোট গ্ৰহণ কেন্দ্ৰ আছে বুলি প্ৰকাশ কৰ ।

২৩ এপ্ৰিলত ৰাজ্যৰ ৪ টা লোকসভা সমষ্টিত ভোট গ্ৰহণ অনুষ্ঠিত হব । গুৱাহাটী, বৰপেটা, ধুবুৰী আৰু কোকৰাঝাৰত অনুষ্ঠিত হব ভোট গ্ৰহণ । ৪ টা সমষ্টিত মুঠ ভোট কেন্দ্ৰ ৯,৫৭৭ টা আছে। ভোটাৰৰ সংখ্যা হৈছে ৭৪,৭৭,০৬২ । ইয়াৰে ৩৬,৬১,৫৭০ মহিলা ভোটৰ থকাৰ বিপৰিতে ৩৮,১৫,৩৩৫ পুৰুষ ভোটাৰ আছে । ১৫৭ তৃতীয় লিংগৰ ভোটাৰ আছে । তৃতীয় পৰ্যায় নিৰ্বাচনত ৫৪ জন প্ৰাৰ্থীৰ ভাগ্য নিৰ্নয় হব ।

অন্য খবৰৰ বাবে পঢ়ক :ৰাজ্যিক বাতৰি

Next Story