তেজপুৰত দীপক মহন্ত সোৱৰণীনাট সমাৰোহ অাৰম্ভ

ৰাজ্যৰ বিভিন্ন নাট্যদলৰ ৮ খনকৈ নাটকেৰে তেজপুৰ জিলা পুথিভঁৰাল প্ৰেক্ষাগৃহত আৰম্ভ হোৱা দীপক মহন্ত সোঁৱৰণী নাট সমাৰোহৰ উদ্বোধনী অনুষ্ঠানত মুখ্য অতিথি তথা নাট সমাৰোহৰ উদ্বোধক অসম নাট্য সন্মিলনৰ সভাপতি দুলাল ৰয়ে দীপক মহন্তৰ নাট্য সংকলন "বিলত তিৰে বিৰাই" উন্মোচন কৰে।
উদযাপন সমিতিৰ সভাপতি জ্ঞান পূজাৰীয়ে সভাপতিত্ব কৰা এই অনুষ্ঠানত সন্মানীয় অতিথি ৰূপে অংশ গ্ৰহণ কৰা দীপক মহন্তৰ একালৰ সতীৰ্থ তথা বৰ্তমানৰ মুখ্যমন্ত্ৰীৰ মিডিয়া উপদেষ্টা হৃষীকেশ গোস্বামীয়ে তেজপুৰৰ প্ৰয়াত নাট্য শিল্পীৰ জীৱন পঞ্জী সংপৃক্ত" দস্তাবেজ" শীৰ্ষক গ্ৰন্থ উন্মোচন কৰে।
উদযাপন সমিতিৰ যুটীয়া সম্পাদক হিচাপে অপূৰ্ব বৰাই আঁত ধৰা অনুষ্ঠানটিত অসম চৰকাৰৰ তথ্য আৰু জন সংযোগ বিভাগৰ সঞ্চালক ৰাজীৱ প্ৰকাশ বৰুৱা, অসম চৰকাৰৰ পাঠ্য পুথি প্ৰকাশন আৰু প্ৰণয়ন নিগমৰ অধ্যক্ষ ৰাজেন বৰঠাকুৰ, দীপক মহন্তৰ ভাতৃ ভাৰত চৰকাৰৰ আয় কৰ আয়ুক্ত হেমন্ত বিজয় মহন্তই অংশ গ্ৰহণ কৰে।
কালিৰ প্ৰথমখন নাটক চতিয়াৰ মঞ্চ তীৰ্থই নিবেদন কৰা দীপক মহন্তৰ "মৰুদ্যানত গধূলি" উদ্বোধন কৰে দীপক মহন্তৰ সতীৰ্থ পদ্ম হাজৰিকাই। যোৱাকালি তেজপুৰৰ মণিকূট কলা ক্ষেত্ৰই নিবেদন কৰিলে "তিনিটা ৰঙীণ পখিলা" আৰু "সুমথিৰা ৰ'দ" ।