Begin typing your search above and press return to search.

তেজপুৰ,বিশ্বনাথ চাৰিআলি,গহপুৰ আৰু লক্ষীমপুৰত ষ্ট্ৰং ৰুম পৰিদৰ্শন এমজিভিকে ভানুৰ

তেজপুৰ,বিশ্বনাথ চাৰিআলি,গহপুৰ আৰু লক্ষীমপুৰত ষ্ট্ৰং ৰুম পৰিদৰ্শন এমজিভিকে ভানুৰ

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  1 May 2019 9:09 AM GMT

তেজপুৰৰ কংগ্ৰেছ দলৰ প্ৰাৰ্থী এমজিভিকে ভানুয়ে মংগলবাৰে অখিল ভাৰতীয় কংগ্ৰেছ কমিটীৰ সচিব আৰু বিহপুৰ বিধানসভা ক্ষেত্ৰত প্ৰাক্তন বিধায়ক ভূপেন বৰাৰ লগত তেজপুৰ,বিশ্বনাথ চাৰিআলি,গহপুৰ আৰু লক্ষীমপুৰৰ ষ্ট্ৰং ৰূমসমূহত পৰিদৰ্শন কৰে । ষ্ট্ৰং ৰুমত ইভিএমৰ সুৰক্ষা সকলো তথ্য নিৰীক্ষণ কৰাৰ পিছত এমজিভিকেভানুয়ে উত্তৰ লক্ষীমপুৰ প্ৰেছ ক্লাবত লক্ষীমপুৰ জিলাৰ সংংবাদ কৰ্মীৰ লগত মতবিনিময় কৰে।

তেজপুৰ সমষ্টিত মোৰ জয় ১০০ শতাংশ নিশ্চিত ৷ ৰাজ্যৰ জাগৰিত জনগণে বিজেপিৰ পৰিৱৰ্তে কংগ্ৰেছৰ প্ৰাৰ্থীক ভোটদান কৰিছে ৷ এই মন্তব্য এমজিভিকে ভানুৰ৷ নাগৰিকত্ব সংশোধনী বিধেয়কখনক বিৰোধিতা কৰি এমজিভিকে ভানুয়ে কয় যে শাসকীয় দলে বিগত নিৰ্বাচনত বহুত পৰিমাণৰ নগদ ধনৰ ব্যয় কৰিছে ৷

নিৰ্বাচনত গোপনে ইভিএম স্থানান্তৰণ কৰাৰ প্ৰসংগত এমজিভিকে ভানুৱে কয় যে,ইভিএম স্থানান্তৰ কৰাৰ সময়ত ৰাজনৈতিক দলৰ প্ৰতিনিধিসকলক আমন্ত্ৰিত কৰিব লাগিছিল। কিন্তু তেওঁ লক্ষীমপুৰত ইভিএমৰ সুৰক্ষাত কোনো ধৰণৰ ত্ৰুটি পোৱা নাই বুলি উল্লেখ কৰে এমজিভিকে ভানুয়ে ৷

অন্য খবৰৰ বাবে পঢ়ক : ৰাজ্যিক বাতৰি

Next Story
চাকৰি