Begin typing your search above and press return to search.
তেলেংগানা বিধান সভা নিৰ্বাচনৰ বাবে কংগ্ৰেছৰ অন্তিম সূচী ঘোষনা

নতুন দিল্লী,১৯ নৱেম্বৰ: তেলেংগানাত হব লগা আগন্তুক বিধানসভা নিৰ্বাচনৰ বাবে কংগ্ৰেছ দলে অন্তিম সূচী প্ৰকাশ কৰিছে। নিৰ্বাচনৰ বাবে মনোনয়ন প্ৰত্ৰ দাখিলৰ দিন ১২ নৱেম্বৰত আৰাম্ভ হৈ ১৮ নৱেম্বৰত সামৰণি পৰে। ১১৯ জনীয়া চিট যুক্ত তেলেংগানা বিধানসভাৰ সাধাৰণ নিৰ্বাচনৰ বাবে কংগ্ৰেছে তিনিটা পৰ্য্যায়ত প্ৰাৰ্থীৰ তালিকা প্ৰকাশ কৰে।তেলেংগানা নিৰ্বাচনত কংগ্ৰেছে তেলেগুদেশম পাৰ্টি আৰু অন্য সমবিছাৰ ধাৰাৰ দলৰ লগত মিত্ৰতা কৰিছে। কংগ্ৰেছে মুঠ ৯৪ টা সমষ্টিত প্ৰাৰ্থীত্ব আগবঢ়াব।
কংগ্ৰেছৰ বিপৰীতে বিজেপিয়েও নিজৰ প্ৰাৰ্থীৰ চতুৰ্থখন তালিকা প্ৰকাশ কৰিছে। তেলেংগানা নিৰ্বাচনত বিজেপিয়ে জুবলী হিলচৰ পৰা শ্ৰীধৰ ৰেড্ডী, সন্ত নগৰৰ পৰা ভবৰলাল শৰ্মা, ছেন্নুৰৰ পৰা অংগডুলা শ্ৰীনিবাসুলু আৰু জাহিৰাবাদৰ পৰা জংগম গোপীক প্ৰাৰ্থীত্ব প্ৰদান কৰিছে।
Next Story