দিছপুৰত প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ সংবাদমেল: বিজেপিক ক্ষুৰধাৰ সমালোচনা প্ৰাক্তন মুখ্যমন্ত্ৰীৰ

দিছপুৰত প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ সংবাদমেল। লোকসভা নিৰ্বাচনত কংগ্ৰেছে পাব ১০ খন আসন। বিজেপিক কটাক্ষ কৰি তৰুণ গগৈ য়ে মন্তব্য কৰে যে ছয় জনগোষ্ঠীৰ নামত বিজেপি চৰকাৰে মাধমাৰ সোধাই ৰাম ঠগন দিলে অসমৰ ৰাইজক।
শীতল যুদ্ধ চলি আছে সৰ্বানন্দ সোণোৱাল আৰু হিমন্ত বিশ্ব শৰ্মাৰ মাজত। অমিত শ্বাহৰ ওচৰত দাম বঢ়াবলৈয়ে চলিছে এই যুদ্ধ। আৰু এই দুজনৰ শীতল যুদ্ধৰ কুফল ভুগিছে অসমৰ ৰাইজে। সংবাদমেলত এই মন্তব্য প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ। লগতে প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকীয়ে কয় – অগপ বিজেপিৰ কাষলৈ গৈ আছে, অতুল বৰা আৰু কেশৱ মহন্তই বিচাৰি আছে মিত্ৰতা। অগপই কংগ্ৰেছৰ পৰা কলিয়াবৰ আসনখন বিচাৰিছিল, অগপৰ দাবীৰ কথা ৰকিবুল হুছেইনে জনাইছিল মোক"
গুৱাহাটীৰ ৰাজীৱ ভৱনত সংবাদমেল সম্বোধন কৰি প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকীয়ে কয় নাগৰিকত্ব সংশোধনী বিধেয়ক গৃহীত কৰি বাংলাদেশী আনিব বিচাৰিছে, একে সময়তে সীমান্ত ছীল কৰি বাঃ বাঃ ল’ব বিচাৰিছে বিজেপিয়ে। শাসকীয় দল বিজেপিৰ দিনত সন্ত্ৰাসবাদ বাঢ়িল, অধিক সাধাৰণ লোকৰ মৃত্যু হৈছে কাশ্মীৰত। বিজেপি চৰকাৰৰ দিনতেই মাছুদৰ কথা কোৱা হৈছে, এই মাছুদক বিজেপি চৰকাৰেই এৰি দিছিল, বালাকোটৰ ঘটনাক লৈ চৰকাৰৰ স্থিতি স্পষ্ট নহয়, প্ৰধানমন্ত্ৰীৰ কথা প্ৰতিৰক্ষা মন্ত্ৰীৰ লগত নিমিলে, বিদেশ মন্ত্ৰীৰ কথা নিমিলে গৃহ মন্ত্ৰীৰ কথাৰ লগত।