Begin typing your search above and press return to search.

দাবী আৰু আপত্তি আবেদন দাখিলৰ অন্তিম দিনা আপত্তিৰ আবেদনেৰে ভৰি পৰিল জিলা উপায়ুক্তৰ কাৰ্য্যলয় সমূহ

দাবী আৰু আপত্তি আবেদন দাখিলৰ অন্তিম দিনা আপত্তিৰ আবেদনেৰে ভৰি পৰিল জিলা উপায়ুক্তৰ কাৰ্য্যলয় সমূহ

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  2 Jan 2019 6:34 AM GMT

ৰাষ্ট্ৰীয় নাগৰিক পঞ্জী উন্নীতকৰণৰ দাবী আৰু আপত্তি আবেদন প্ৰক্ৰিয়াৰ অন্তিম দিনটোত আপত্তিৰ আবেদনেৰে ভৰি পৰিল অসমৰ বিভিন্ন জিলাসমূহৰ জিলা উপায়ুক্ত কাৰ্য্যলয়। অসমৰ জনসাধাৰণে এখন শুদ্ধ নাগৰিক পঞ্জী প্ৰস্তুত কৰাৰ বাবে সঠিক সময়ত সঠিক পদক্ষেপ গ্ৰহণ কৰি সমগ্ৰ ৰাজ্যজুৰি ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীত নাম অন্তৰ্ভুক্ত কৰিব বিচৰা সন্দেহযুক্ত লোক সকলৰ বিপক্ষে জিলা উপায়ুক্ত কাৰ্য্যলয় সমূহত আপত্তিৰ আবেদন দাখিল কৰিলে। অসমৰ অগ্ৰণী ছাত্ৰ সংগঠন সদৌ অসম ছাত্ৰ সন্থাৰ সবল নেতৃত্বত অসমৰ জনসাধাৰণে জাতিটোৰ দলিল স্বৰূপ ৰাষ্ট্ৰীয় নাগৰিক পঞ্জী শুদ্ধকৈ প্ৰস্তুত কৰাৰ ক্ষেত্ৰত সবল পদক্ষেপ গ্ৰহণ কৰিলে আপত্তিৰ আবেদন দাখিলেৰে। ২০১৮ চনৰ ৩১ ডিচেম্বৰৰ এনআৰচিৰ দাবী আৰু আপত্তি আবেদন দাখিলৰ অন্তিম দিন আছিল আৰু সেই দিনটোত বিভিন্ন জিলা আৰু বৰাক উপত্যকাকে সামৰি সমগ্ৰ ৰাজ্যজুৰি লাখতকৈ অধিক আপত্তিৰ আবেদন দাখিল কৰা হয়।

ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীৰ সম্পুৰ্ণ খচৰাত নাম অন্তৰ্ভূক্ত হোৱা সন্দেহযুক্ত নাগৰিকৰ বিপক্ষে বিগত সময়ছোৱাত মাত্ৰ ৬০০ আপত্তিৰ আবেদনহে দাখিল কৰা হৈছিল কিন্তু শেষৰ দিনটোত সমগ্ৰ ঘটনাৰ দৃ্শ্যপট সলনি হয় আৰু ৰাতিটোৰ ভিতৰতে সকলোকে আচৰিত কৰি লাখতকৈও অধিক আপত্তিৰ আবেদন দাখিল কৰা হয়। এতিয়ালৈ এনআৰচিৰ ৰাজ্যিক সমন্বয়কৰ কাৰ্য্যলয়ৰ তৰফৰ পৰা আপত্তিৰ আবেদন সংখ্যা কিমান হব সেই সম্পৰ্কে কোনো ধৰণৰ তথ্য দাঙি ধৰা নাই। এক বিশেষ সূত্ৰৰ পৰা পোৱা খবৰ অনুসৰি ৰাষ্ট্ৰীয় নাগৰিক পঞ্জী কতৃপক্ষই উচ্চতম ন্যায়ালয়ক দাবী আৰু আপত্তিৰ আবেদনৰ হিচাপ সম্পৰ্কে সবিশেষ তথ্য দাখিল কৰিব। চেণ্টিনেলৰ আগত সদৌ অসম ছাত্ৰ সন্থাৰ সভাপতি দীপাংক কুমাৰ নাথে কয় যে আমাৰ প্ৰচেষ্ঠা সদায় এখন শুদ্ধ নাগৰিক পঞ্জী প্ৰস্তুত কৰাৰ বাবে, ৰাজ্যই ১৯৫১ চনৰ পিছত প্ৰথমবাৰৰ বাবে এনে সুযোগ লাভ কৰিছে গতিকে এনেধৰণৰ সুযোগ অথলে যাবলৈ দিব নোৱাৰি। আছুৰ সভাপতি গৰাকীয়ে কয় যে অসমৰ জনসাধাৰণে এনআৰচিৰ সম্পুৰ্ণ খচৰাত নাম অন্তৰ্ভূক্ত হোৱা সন্দেহযুক্ত নাগৰিকৰ বিপক্ষে আপত্তিৰ আবেদন দাখিল কৰিছে।সদৌ অসম ছাত্ৰ সন্থাই অসমৰ জনসাধাৰণক সহায় কৰিছে এই ক্ষেত্ৰত।

উল্লেখ্য যে বেছিভাগ আপত্তিৰ আবেদনে জিলা উপায়ুক্তৰ কাৰ্য্যলয় সমূহত ৩১ ডিচেম্বৰৰ দিনা দাখিল কৰা হৈছে। এক সূত্ৰৰ পৰা পোৱা তথ্য অনুসৰি এনআৰচিৰ দাবী আৰু আপত্তিৰ আবেদন দাখিলৰ অন্তিম দিনটোলৈ সমগ্ৰ ৰাজ্যজুৰি প্ৰায় ২.৬০ লাখ আপত্তিৰ আবেদন আৰু ৩১.২ লাখ দাবীৰ আবেদন দাখিল কৰা হৈছে। অসমৰ ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীৰ সম্পুৰ্ণ খচৰাত ৪০.০৭ লাখ আবেদনকাৰীৰ নাম বাদ পৰিছিল।অসমৰ ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীত আবেদন কৰা মুঠ আবেদন কাৰীৰ সংখ্যা হ'ল ৩.২৯ কোটি। অসমত ৰাষ্ট্ৰীয় নাগৰিক পঞ্জী কতৃপক্ষই এনআৰচিৰ কাম-কাজ শুদ্ধকৈ কৰাৰ বাবে ইতিমধ্যে সকলো চেষ্টা অব্যাহত ৰাখিছে।

অধিক খবৰৰ বাবে পঢ়ক শীৰ্ষ বাতৰি

Next Story
চাকৰি