নাগৰিকত্ব সংশোধনী বিধেয়ক ২০১৬ সন্দৰ্ভত আজিৰ যুটীয়া সংসদীয় সমিটীৰ বৈঠকত বিধেয়কখনক লৈ কোনো আলোচনা ন’হল। ২৭ নৱেম্বৰ আৰু ৬ ডিচেম্বৰত বিধেয়কখনক লৈ হ’ব পুনৰ আলোচনা। ইফালে ২৭ নৱেম্বৰত বিধেয়কখনৰ সংশোধনী সন্দৰ্ভত হ’ব আলোচনা। প্ৰতিবেদনত কি কি উল্লেখ থাকিব সেই সন্দৰ্ভত আলোচনা কৰা হ’ব ৬ ডিচেম্বৰত।
অন্যহাতে,নাগৰিকত্ব সংশোধনী বিধেয়ক ২০১৬ সন্দৰ্ভত যুটীয়া সংসদীয় সমিতিয়ে ৩০ জনীয়া বৈঠক অনুষ্ঠিত কৰাৰ প্ৰাকমূহুৰ্তত দিল্লীত উপস্থিত হৈছিল অগপৰ এটা পাঁচজনীয়া দল ৷অগপৰ দলটোৱে উপস্থিত হৈ নাগৰিকত্ব বিধেয়কখন গৃহীত হলে অসমত হ’ব পৰা ভয়ংকৰ পৰিস্থিত সন্দৰ্ভত অৱগত কৰে ।অসমৰ পৰা যোৱা পাঁচজনীয়া অগপৰ দলটোৰ ভাষ্য অনুসৰি যুটীয়া সংসদীয় সমিতিয়ে অগপৰ দলটোৰ কথা অতি মনোযোগেৰে শুনিছিল ।গতিকে ইতিবাচক সহাৰিৰ আশা কৰিছিল অগপৰ দলটোৱে ৷
অন্যহাতে ৩০ জনীয়া বৈঠকখনত উপস্থিত আছিল কেন্দ্ৰীয় গৃহ সচিব ৰাজীব গৌবা,কেন্দ্ৰীয় বিদেশ সচিব বিজয় গোখলে,আইন মন্ত্ৰ্যালয়ৰ আইনী বিভাগৰ সচিবকে ধৰি বিভিন্ন বিষয় ববীয়া উপস্থিত আছিল। অন্যহাতে অগপৰ দলটোত উপস্থিত আছিল,সভাপতি কেশৱ মহন্ত,ফণী ভূষণ চৌধুৰী, বীৰেন্দ্ৰ প্ৰসাদ বৈশ্য আৰু ৰমেন্দ্ৰ নাৰায়ন কলিতা ৷ উল্লেখ্য যে নাগৰিকত্ব সংশোধনী বিধেয়ক ২০১৬ বাতিল কৰা দাবী বিভিন্ন দল সংগঠনে অসমৰ আকাশ বতাহ কপাঁই আহিছে ৷
উল্লেখ্য যে,নাগৰিকত্ব সংশোধনী বিধেয়ক ২০১৬ গৃহীত হ’লে অসম চুক্তি অৱমাননা হোৱাৰ প্ৰসংগত দল সংগঠনসমূহে চৰকাৰ বিৰোধী শ্ল’গানেৰে সততে ৰাজপথ উত্তাল কৰে ৷ এই ক্ষেত্ৰত চলিত চৰকাৰখনৰ ইতিবাচক সহাঁৰি বিচাৰিছে বিভিন্ন দল সংগঠনে ৷
অন্য খবৰৰ বাবে পঢ়ক: