দুলীয়াজানৰ বৰডুবিত সংঘটিত হৈছে এক ভয়ংকৰ অঘটন । বৈষ্ণৱ ধৰ্মৰ প্ৰচাৰক ৬৫ বছৰীয়া নাহৰকটীয়া আচবাম চাহ বাগিচাৰ গণেশ তাঁতী আৰু ১৩ বছৰীয়া দিৰিয়াল চাহ বাগিচাৰ পইলাবাৰীৰ অষ্টম শ্ৰেণীৰ ছাত্ৰী পূজা মোচাহাৰাৰ চিপ লৈ থকা অৱস্থাত টিলিঙা মন্দিৰৰ সমীপৰ এটা জীৰণি ঘৰত উদ্ধাৰ ঘটনাইসমগ্ৰ অঞ্চলটোত চাঞ্চল্য সৃষ্টি কৰিছে । সংঘটিত হোৱা এই ঘটনা কোনো লোকে হত্যা কৰি আত্মহত্যাৰ ৰূপ দিলেনে নিজে আত্মহত্যা কৰিছে সেইয়া আৰক্ষীৰ তদন্তইহে পোহৰলৈ আনিব । মৃতদেহ দোয়োটাৰ ভৰি মাটিত লাগি থকাত স্থানীয় ৰাইজৰ মাজত সন্দেহৰ সৃষ্টি হৈছে। চাঞ্চল্যকৰ ঘটনাটোৰ পাছত অঞ্চলটোত চেপা উত্তেজনাই বিৰাজ কৰিছে।
Begin typing your search above and press return to search.