দুলীয়াজানত চ্যুকাফাক স্মৰণ

বৰ অসমৰ স্বপ্ন দ্ৰষ্টা,প্ৰথমজন আহোম স্বৰ্গদেও চ্যুকাফাক ৰবি বাৰে সমগ্ৰ অসম বাসীয়ে স্মৰণ কৰে। অসমৰ বিভিন্ন স্থানত উলহ মালহেৰে চ্যুকাফা দিৱস উদযাপনৰ সমান্তৰালভাবে দুলীয়াজানতো চ্যুকাফাক স্মৰণ কৰা হয়।দুলীয়াজান আঞ্চলিক পূৰ্বাঞ্চল টাই সাহিত্য সভাৰ উদ্যোগত ছলাকাটী টাই কলা-কৃষ্টি কেন্দ্ৰত দিনজোৰা কাৰ্য্যসূচীৰে উদযাপন কৰা হয় চ্যুকাফা দিৱস। টাইভাষাৰ প্ৰচাৰ আৰু প্ৰসাৰ সম্বন্ধে অনুষ্ঠানটোন বিষদ ভাবে চৰ্চা কৰা হয়।দুপৰীয়া টাই ভাষাৰ পাঠদানৰ এক কাৰ্য্যসূচী অনুষ্ঠানৰ লগত সংগতি ৰাখি শুভাৰম্ভ কৰা হয়। কাৰ্য্যসূচীটো শুভাৰম্ভ কৰে দেৱী বুঢ়াগোহাঁয়ে। ৰাতিপুৱা চ্যুকাফাৰ প্ৰতিচ্ছবিত মাল্যাৰ্পন আৰু বন্তি প্ৰজ্বলন কৰে জিতু গগৈয়ে,মৈদাম তৰ্পন কৰে প্ৰদীপ গগৈয়ে। চ্যুকাফা দিৱসৰ লগত সংগতি ৰাখি বৃক্ষ ৰোপন,চাঁফাই অভিযান কাৰ্য্যক্ৰমো ৰূপায়ন কৰা হয়।
অধিক খবৰৰ বাবে পঢ়ক: ৰাজ্যিক বাতৰি