Begin typing your search above and press return to search.

দুলীয়াজানত ৱদৌছাঁ কাপ ফুটবল প্ৰতিযোগিতা অনুষ্ঠিত

দুলীয়াজানত ৱদৌছাঁ কাপ ফুটবল প্ৰতিযোগিতা অনুষ্ঠিত

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  21 Sep 2018 6:29 AM GMT

বিগত বৰ্ষৰ দৰে এই বাৰু ২০১৮ ৱদৌছাঁ কাপ ফুটৱল খেলখন সদৌ অসম মৰাণ ছাত্ৰ সন্থাই অনুষ্ঠিত কৰিছে । ৱদৌছাঁ কাপ ফুটবল প্ৰতিযোগিতা খনত এই বাৰ মুঠ ২১ তা কৈ দলে অংশগ্ৰহণ কৰাৰ কথা জানিব পৰা গৈছে ।

যোৱা ৯ছেপ্টেম্বৰ ২০১৮ তাৰিখৰ পৰা তিনিচুকীয়াত অনুষ্ঠিত হোৱা এই খেলখনৰ দুখনকৈ কোৱাটাৰ ফাইনেল খেল তৈল নগৰী দুলীয়াজানৰ নেহেৰু ষ্টুডিয়ামত অনুষ্ঠিত হৈ যায়। কালি দিনৰ ৩ বজাৰ পৰা অনুষ্ঠিত হোৱা প্ৰথমখন কোৱাটাৰ ফাইনেলত অংশগ্ৰহণ কৰে আলহী দল বাংলাদেশ বনাম অইল ক্লাব দুলীয়াজানৰ মাজত অনুষ্ঠিত হয় ।খেলখনৰ অন্তত বাংলাদেশৰ দলটোৱে ৪ শূন্য গলৰ ব্যৱধানত বিজয় সাব্যস্ত হয় ।

ইফালেদি আজিৰ খেলখনৰ আৰম্ভনিতে খেলুৱৈ সকলৰ লগত মত বিনিময় কৰে অইলৰ মূখ্য আবাসীক বিষয়া বেদান্ত প্ৰসাদ শৰ্মাৰ লগতে সদৌ অসম মৰাণ ছাত্ৰ সন্থাৰ অৰুণ জ্যোতি মৰাণকে ধৰি কেইবাজনো প্ৰাক্তন ফুটৱল খেলুৱৈ ।আজিৰ খেলখন জামছেদপুৰ বনাম নেপালৰ মাজত অনুষ্ঠিত হয় ।এই খেলখনত নেপাল দলটোক জামছেদপুৰ দলটোৱে ১ শূণ্য গলত পৰাস্ত কৰই চেমি ফাইনেল খেলাৰ যোগ্যতা দখল কৰে ।

Next Story