Begin typing your search above and press return to search.

দুৰ্নীতিমুক্ত পঞ্চায়ত গঠনৰ লক্ষ্যৰে পঞ্চায়ত নিৰ্বাচনৰ ইস্তাহাৰ মুকলি বিজেপিৰ

দুৰ্নীতিমুক্ত পঞ্চায়ত গঠনৰ লক্ষ্যৰে পঞ্চায়ত নিৰ্বাচনৰ ইস্তাহাৰ মুকলি বিজেপিৰ

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  22 Nov 2018 7:22 AM GMT

সমাগত পঞ্চায়ত নিৰ্বাচন ৷গতিকে ককালত টঙালী বান্ধিছে দলসমূহে ৷ শাসনাধিষ্ঠ বিজেপি চৰকাৰখনো পিছ পৰি থকা নাই ৷ বুধবাৰে গুৱাহাটীস্থিত অটল বিহাৰী বাজপেয়ী ভৱনত হোৱা এক অনুষ্ঠানত ১৬ পৃষ্ঠাৰ এখন নিৰ্বাচন ইস্তাহাৰ মুকলি কৰি মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে কংগ্ৰেছ দলক বাৰুকৈয়ে তুলা ধুনা দি কয় যে,কংগ্ৰেছৰ ১৫ বছৰীয়া শাসন কালত পঞ্চায়তসমূহ দুৰ্নীতিৰে ভৰি পৰিছিল ৷ বিভিন্ন বিভাগত দুৰ্নীতি হৈছিল কংগ্ৰেছৰ দিনত ৷ ৰাজ্যখনৰ বৃহৎ সংখ্যক লোক প্ৰাপ্য অধিকাৰৰ পৰা বঞ্চিত হৈছিল ৷ কংগ্ৰেছৰ ১৫ বছৰীয়া শাসন কালত কংগ্ৰেছৰ কৰা দুৰ্নীতিসমূহৰ কথা জনতাই সম্প্ৰতি ভালকৈয়ে জানে ৷ গতিকে অনাগত নিৰ্বাচনত কংগ্ৰেছ সফল হ’ব নোৱাৰে বুলিও কয় মুখ্যমন্ত্ৰী সোনোৱালে ৷

গতিকে বিজেপি চৰকাৰে সিদ্ধান্ত লৈছে যে,অনাগত পঞ্চায়ত নিৰ্বাচন দুৰ্নীতিমুক্তভাৱে হ’ব ৷ লগতে মুখ্যমন্ত্ৰী সোনোৱালে ৰাজ্যৰ বিভিন্ন গ্ৰামাঞ্চল সমূহৰ বিকাশ সাধনত অধিক মনোনিবেশ দিয়াৰ কথাও উল্লেখ কৰে ৷ মুখ্যমন্ত্ৰী সোনোৱালে অনুষ্ঠানটোত কয় যে, শাসনাধিষ্ঠ চৰকাৰখনৰ লক্ষ্য হৈছে গ্ৰামাঞ্চলৰ প্ৰতেক টো পৰিয়াল যাতে যাতে অৰ্থনৈতিক দিশত আৰু অধিক সবল হ’ব পাৰে,তাৰ প্ৰতি দৃষ্টি ৰখা ৷

অন্যহাতে ১৬ পৃষ্ঠাৰ পঞ্চায়ত ইস্তাহাৰ মুকলি কৰি জনসাধাৰণক কৃষি উন্নয়ন আৰু সম্প্ৰাসাৰণ,ভূমি সংস্কাৰ,জলসিঞ্চন আৰু জনসম্পদ উন্নয়ন,ছাত্ৰ ছাত্ৰীসকলৰ কাৰণে পুথিঁভৰাল,বিদ্যুৎ বিভাগৰ উন্নয়ন,কাৰিকৰী আৰু বৃত্তিমুখী শিক্ষাৰ উন্নয়ন,ভূমি সংস্কাৰ আৰু ভূমি সংৰক্ষণ,বনজ সম্পদ উন্নয়ন সামাজিক বনানী কৰণ,প্ৰাথমিক আৰু মাধ্যমিক শিক্ষাৰ উন্নয়ন,শিশু সকল যিকোনো পৰিস্থিতিত নিৰ্যাতিত হলে সহায় কৰিবলৈ পঞ্চায়ত সমূহত হেল্প চেন্টাৰ স্থাপন,প্ৰত্যেক জিলা পৰিষদত প্ৰেক্ষাগৃহ নিৰ্মাণ, জনসাধাৰণক স্বাস্থ্যৰ প্ৰতি সচেতনতা বঢ়াবলৈ স্বাস্থ্যগৃহ নিৰ্মাণ,প্ৰাপ্ত বয়স্ক শিক্ষা আৰু অনানুষ্ঠানিক শিক্ষাৰ ব্যৱস্থা গ্ৰহণ আদি মুঠ ২৮ বিষয়ত সকলো পঞ্চায়তত সা সুবিধাসমুহ দিয়াৰ প্ৰতিশ্ৰুতি প্ৰদান কৰিছে৷ লগতে এই প্ৰতিশ্ৰুতিসমূহত বিশেষকৈ প্ৰাধান্য পাইছে ৰাজ্যৰ গ্ৰামাঞ্চলসমূহে ৷

অন্যহাতে পঞ্চায়ত নিৰ্বাচন ইস্তাহাৰ মুকলি অনুষ্ঠানত উপস্থিত আছিল মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালকে ধৰি বিজেপিৰ ৰাজ্যিক সভাপতি ৰঞ্জিত দাস আৰু নেডাৰ আহ্বায়ক তথা বিত্ত মন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা ৷ উল্লেখযোগ্য যে, ৰাজ্যৰ পঞ্চায়ত নিৰ্বাচন অনুষ্ঠিত হ’ব ডিচেম্বৰৰ ৫ আৰু ৯ তাৰিখে ৷

অন্য খবৰৰ বাবে পঢ়ক: ৰাজ্যিক বাতৰি

Next Story
চাকৰি