Begin typing your search above and press return to search.

দুৰ্নীতিৰ অভিযোগৰ সন্দৰ্ভত তিৱা স্বায়ত্ব পৰিষদৰ মুখ্য কাৰ্যকৰী সদস্য পবন মন্টাৰ প্ৰতিক্ৰিয়া

দুৰ্নীতিৰ অভিযোগৰ সন্দৰ্ভত তিৱা স্বায়ত্ব পৰিষদৰ মুখ্য কাৰ্যকৰী সদস্য পবন মন্টাৰ প্ৰতিক্ৰিয়া

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  10 May 2019 9:33 AM GMT

তিৱা স্বায়ত্ব পৰিষদৰ মুখ্য কাৰ্যকৰী সদস্য পবন মন্টাই তেওঁৰ বিৰুদ্ধে গ্ৰেপ্তাৰ আৰু দুনীৰ্তিৰ আৰোপৰ ক্ষেত্ৰত দুখ প্ৰকাশ কৰে ৷ ইফালে সভাপতি মদন বৰদলৈ আৰু সহ সভাপতি বিদ্যুৎ বৰদলৈ,মোহন সেনাপতিৰ সহিতে পবন মন্টাই বৃহস্পতিবাৰে সংবাদ মেল আয়োজন কৰে ৷সংবাদ মাধ্যমৰ সন্মুখত পবন মন্টাই কয় যে কিছুমান ভূৱা সংগঠনে তিৱা স্বায়ত্ব পৰিষদক অস্থিৰ কৰিব বিছাৰিছে ৷ ভূৱা সংগঠনৰ লোকে তেওঁৰ বিৰুদ্ধে অনা গ্ৰেপ্তাৰৰ অভিযোগত বিৰক্তি লাভ কৰিছিল ৷

কাৰ্যকৰী সদস্য জনে লগতে কয় যে ভূৱা তিৱা সংগঠনে মৰিগাঁও আৰক্ষী অধীক্ষকক তেওঁক গ্ৰেপ্তাৰ কৰিবলৈ আহ্বান কৰে আৰু লগতে দাবী কৰে যে তিৱা পৰিষদৰ হোৱা দুৰ্নীতিৰ তদন্ত হওঁক। ইফালে কাৰ্যকৰী সদস্যজনৰ বিৰুদ্ধে সংগঠনে কেছ নম্বৰ ২২/২০১৮ ৰ আধাৰত তদন্তৰ দখিল কৰাৰ কথাও উল্লেখ কৰে ৷

অন্যহাতে গ্ৰেপ্তাৰৰ সন্দৰ্ভত তীব্ৰ প্ৰতিক্ৰিয়া ব্যক্ত কৰি তিৱা স্বায়ত্ব পৰিষদৰ কাৰ্যকৰী সদস্য পবন মন্টাই কয় যে উচ্চ ন্যায়ালয়ে এই সন্দৰ্ভত কোনো সিদ্ধান্ত গ্ৰহণ কৰা নাই ৷ গতিকে মোৰ ওপৰত অভিযোগ কেনেকৈ আনিব পাৰে? মোক গ্ৰেপ্তাৰ কৰাৰ দাবী কেনেকৈ কৰিব পাৰে ? মই তেওঁলোকক সতৰ্ক কৰি দিছো যে ভৱিষ্যতে তেওঁলোকে মোৰ বিৰুদ্ধে অভিযোগ অনাৰ পৰা দূৰত থাকক ৷ অন্যথা মই তেওঁলোকৰ বিৰুদ্ধে আদালতলৈ যাম ৷

অন্য খবৰৰ বাবে পঢ়ক : ৰাজ্যিক বাতৰি

Next Story
চাকৰি