Begin typing your search above and press return to search.

পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ পৰীক্ষা পুনৰ অনুষ্ঠিত কৰিবলৈ আহ্বান: দুৰ্নীতি বিৰোধী মঞ্চ

পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ পৰীক্ষা পুনৰ অনুষ্ঠিত কৰিবলৈ আহ্বান: দুৰ্নীতি বিৰোধী মঞ্চ

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  12 March 2019 1:06 PM GMT

দুৰ্নীতি বিৰোধী যুৱ শক্তি অসমৰ সংবাদমেল। পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগত এদিনতে কমিটী গঠন কৰি নিযুক্তিৰ দিয়াত দিছপুৰ প্ৰেছ ক্লাৱত এক সংবাদমেল আয়োজন কৰে দুৰ্নীতি বিৰোধী যুৱ শক্তি অসমে।

পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগত নিয়োজিত হোৱা ৯৪৫ জন বাতিল কৰি নতুনকৈ পৰীক্ষা আয়োজন কৰিবলৈ আহ্বান জনায়। আনহাতে এই বিষয়ত আৰক্ষী প্ৰশাসনক নিজাকৈ মুকলি ভাৱে তদন্ত কৰাৰ বাবে অসম চৰকাৰক দাবী উথাপন কৰে দুৰ্নীতি বিৰোধী যুৱ শক্তি অসমে। লগতে পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ এই পদৰ বাবে উপযুক্ত প্ৰাৰ্থীয়ে পাব লাগে বুলি দাবী জনাই। ইতিমধ্যে দিছপুৰ থানাত পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগ নিযুক্তি কেলেংকাৰী উচিত তদন্তৰ বিচাৰি এখন এজাহাৰ ও দাখিল কৰে।

মুখ্যমন্ত্ৰীয়ে এজনীয়া তদন্ত কমিটী গঠন কৰি পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগত নিযুক্তি দিয়া ঘটনাক প্ৰশ্ন উত্থাপন কৰি কয় যে তেওঁলোকে কোনো ধৰণৰ তদন্তৰ কথা ৰাইজৰ আগত অৱগত কৰা নাই। আনহাতে পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগীয় মন্ত্ৰী নব কুমাৰ দলেক বৰ্খাস্ত কৰাৰ দাবী জনাই দুৰ্নীতি বিৰোধী যুৱ শক্তি অসম মঞ্চই।

Next Story
চাকৰি