দেশৰ নৱ নিযুক্ত নিৰ্বাচনী আয়ুক্তৰূপে কাৰ্যভাৰ গ্ৰহণ সুনীল আৰোৰাৰ

দেওবাৰে দেশৰ মুখ্য নিৰ্বাচন আয়োগৰ আয়ুক্তৰূপে কাৰ্যভাৰ গ্ৰহণ কৰিলে সুনীল আৰোৰাই ৷ ২৭ নৱেম্বৰত দেশৰ নৱ নিযুক্ত ২৩ সংখ্যক মুখ্য নিৰ্বাচন আয়ুক্ত সুনীল আৰোৰাক নিযুক্তি দিয়ে দেশৰ ৰাষ্ট্ৰপতি ৰামনাথ কোৱিন্দে ৷ পাঞ্জাবৰ হোছিয়াৰপুৰত ১৯৫৬ চনত জন্ম গ্ৰহণ কৰা সুনীল আৰোৰা এজন দক্ষ বিষয়া ৰূপে পৰিচিত ৷
সুনীল আৰোৰা ভাৰতীয় প্ৰশাসনিক সেৱাৰ ৰাজস্থানৰ কেডাৰৰ ১৯৮০ বেটচৰ অৱসৰ প্ৰাপ্ত বিষয়া আছিল ৷ অন্যহাতে আৰোৰাৰ নেতৃত্বত অহা বছৰত দেশত ২০১৯ ৰ নিৰ্বাচনৰ উপৰি ছিকিম,অন্ধ্ৰপ্ৰদেশ, অৰুণাচল প্ৰদেশ,ওড়িষা,মহাৰাষ্ট্ৰ,হাৰিয়ানা,ঝাৰখণ্ড,দিল্লী,বিহাৰ আৰু জম্মু আৰু কাশ্মীৰত বিধান সভাৰ নিৰ্বাচন অনুষ্ঠিত হ’ব ৷
ইফালে নৱ নিযুক্ত দেশৰ মুখ্য নিৰ্বাচন আয়ুক্ত সুনীল আৰোৰা কেন্দ্ৰীয় চৰকাৰৰ কেইবাটাও গুৰুত্বপূৰ্ণ পদত কাৰ্যভাৰ গ্ৰহণ কৰিছিল ৷ তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰ্যালয়,কৌশল বিকাশ আৰু এন্টেপ্ৰিনিউৰশ্বিপ বিভাগৰ সচিবৰ পদত আছিল ৷ উল্লেখ্য যে,দেশৰ মুখ্য নিৰ্বাচনী আয়ুক্তৰূপে কাৰ্যভাৰ গ্ৰহণ কৰি সুনীল আৰোৰাই সকলোৰে পৰা সহযোগ বিচাৰে ৷
লগতে নিৰ্বাচন সম্পূৰ্ণৰূপে স্বতন্ত্ৰ,নিৰপেক্ষ,নিকা কৰিবৰ বাবে সকলো ৰাজনৈতিক দল,সংবাদ মাধ্যমক আহ্বান জনায় ৷অন্যহাতে দেশৰ নৱ নিযুক্ত আয়ুক্ত সুনীল আৰোৰা এই পদত থাকিব ২০২১ চনৰ অক্টোবৰলৈ ৷
অন্য খবৰৰ বাবে পঢ়ক: শীৰ্ষ বাতৰি