Begin typing your search above and press return to search.

দেশৰ মুঠ জনসংখ্যাতকৈ চাইকেলৰ সংখ্যা বৃদ্ধি পাইছে এইখন দেশত

দেশৰ মুঠ জনসংখ্যাতকৈ চাইকেলৰ সংখ্যা বৃদ্ধি পাইছে এইখন দেশত

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  27 Dec 2018 11:39 AM GMT

যিসময়ত আমাৰ মহানগৰ গুৱাহাটীত যান-জঁটৰ বৃদ্ধিৰ কাৰণে আপুনি আপোনাৰ ২ কিল’মিটাৰৰ গন্তব্য স্থান ৩ ঘন্টাত পায়গৈ,সেই সময়ত নেডাৰলেণ্ডৰ এক খবৰ আচৰিত কৰিব আপোনাক ৷ কাৰণ,নেদাৰলেণ্ড চৰকাৰে ইন্ধনৰ পৰা চলোৱা যান বাহনৰ পৰিমাণ হ্ৰাস কৰিবৰ কাৰণে চাইকেলৰ ব্যৱস্থা কৰিছে ৷ নেডাৰ লেণ্ডত সম্প্ৰতি জনসাধাৰণ সংখ্যা হৈছে প্ৰায় ১.৭ কোটি ৷ কিন্তু ইয়াৰ বিপৰীতে চাইকেলৰ সংখ্যা হ’ব প্ৰায় ২.৩ কোটি ।

গতিকে, চাইকেল চলোৱাৰ কাৰণে নেডাৰলেণ্ডবাসীয়ে চৰকাৰক দিব লাগিব কৰ ৷ ইয়াৰ পিছতেই নেডাৰলেণ্ড চৰকাৰে চাইকেল ব্যৱহাৰকৰী সকলৰ কাৰণে পথ সমূহ পুনৰ মেৰামতিৰ ব্যৱস্থা কৰিছে । যাৰ কাৰণে সম্প্ৰতি ৩৯ কোটি ডলাৰ ভাৰতীয় টকাৰ মূল্যত ২৭০০ কোটি টকা খৰচ কৰিছে ৷ যাতে অনাগত ৩ বছৰত প্ৰায় ২ লাখ লোকে চাইকেল ব্যৱহাৰ কৰিব পাৰে ৷ লগতে নেডাৰলেণ্ড চৰকাৰে চাইকেলৰ অফিচ যোৱাৰ লোকসকলৰ টেক্সৰ ক্ষেত্ৰত প্ৰতিকিল’মিটাৰত ০.২২ ডলাৰ অৰ্থাৎ ১৫ পইচা হ্ৰাস কৰি দিয়ে ৷

ইফালে নেডাৰলেণ্ড চৰকাৰে চাইকেলৰ জৰিয়তে অফিচ যোৱা লোকসকলক উৎসাহ দিবৰ কাৰণে নেডাৰলেণ্ড চৰকাৰে চাইকেলৰ ওপৰত ফাইনেন্সৰো ব্যৱস্থা কৰিছে ৷লগতে চাইকেলৰে অফিচ অহা লোকসকলৰ কাৰণে বিভিন্ন সুবিধা ব্যৱস্থা কৰিছে ৷ তাৰ কাৰণে উন্নত পাৰ্কিং ব্যৱস্থা,অফিচতে গা ধোৱাৰ ব্যৱস্থাসমূহ অন্যতম ৷ উল্লেখ্য যে, নেডাৰলেণ্ডক সম্প্ৰতি চাইকেলৰ এটা পৰম্পৰা আগবঢ়াই নিয়া দেশ হিচাপে জনা যায়। কিন্তু বিগত সময়ৰ এক সমীক্ষা অনুসৰি ১৯৬০-৭০ দশকত সেই দেশ খনত অন্যান্য যান বাহন অথবা চাইকেল ৰাখিবৰ কাৰণেও ঠাই নাছিল ৷

অন্যহাতে, ১৯৮০-৯০ দশকত দেশখনত জনসাধাৰণে চাইকেল আৰু খোজকঢ়াৰ কাৰণে চৰকাৰৰ ফালৰ পৰা পলিচিৰ ব্যৱস্থা কৰিছিল । বহুত ব্যক্তিয়ে দেশখনত চাইকেলৰ ব্যৱহাৰ কাৰীৰ সংখ্যা যাতে বৃদ্ধি পায়৷তাৰ কাৰণে ব্যৱস্থা কৰিছিল। ১৯৬০ চনত সামাজিক আন্দোলন ,৭০ দশকত তেলৰ পৰিমাণ হ্ৰাস হোৱাৰ আদি বিভিন্ন দিশবোৰে চাইকেল ব্যৱহাৰকাৰীৰ সংখ্যা বৃদ্ধি কৰিলে ৷

কিন্তু মনকৰিবলগীয়া যে,আমাৰ দেশত পেট্ৰ’ল ডিজেলৰ মূল্য বৃদ্ধিয়ে সৰ্বসাধাৰণক কোঙা কৰিছে ৷ যাৰ কাৰণে যান বাহনৰ গৰাকীয়ে হাতে হাতে চৰকাৰ বিৰোধী শ্ল’গান লৈ ৰাজপথ উত্তাল কৰিছে ৷ তেনে সময়তে অহা নেডাৰলেণ্ডৰ এই তথ্য পৰা আমি নিশ্চয় শিক্ষা ল’ব নোৱাৰো নে? মাত্ৰ পেট্ৰ’ল ডিজেলৰ মূল্য বৃদ্ধিয়ে নহয় চাইকেল চলোৱা কাৰণে আমাৰ শৰীৰৰ অতিৰিক্ত চৰ্বিৰ পৰিমাণো হ্ৰাস পাব। লগতে প্ৰদূষণো হ্ৰাস পাব । আৰু এই সকলো তথ্য বিশ্লেষণ কৰি আমাৰ চৰকাৰে যদি এই ক্ষেত্ৰত ইতিবাচক ভূমিকা লয়,জনসাধাৰণক যদি পৰিবেশ সচেতনতা, স্বাস্থ্য সচেতনতা বিষয়ে সমক্য জ্ঞান দি এটি জাগৰণৰ সৃষ্টি কৰে তেন্তে আমি আমাৰ সকলো জনসাধাৰণ উপকৃত হৈ ৰ’ব ৷

অধিক খবৰৰ বাবে পঢ়ক : বিবিধ

Next Story
চাকৰি