Begin typing your search above and press return to search.

দ্বিতীয় পৰ্যায় নিৰ্বাচনত ১১ বজালৈকে ভোটৰ হাৰ ২৬.৩৯ শতাংশ

দ্বিতীয় পৰ্যায় নিৰ্বাচনত ১১ বজালৈকে ভোটৰ হাৰ ২৬.৩৯ শতাংশ

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  18 April 2019 7:14 AM GMT

ৰাজ্যৰ ৫ টা লোকসভা সমষ্টিত দ্বিতীয় পৰ্যায়ত নিৰ্বাচন পুৱা ৭ বজাৰ পৰা আৰম্ভ হৈছে । ৮৯৯২ টা ভোট গ্ৰহণ কেন্দ্ৰত অনুষ্ঠিত হৈছে ভোট গ্ৰহণ ।

আজি অনুষ্ঠিত হোৱা ৫ টা লোকসভা সমষ্টিত দিনৰ ১১ বজালৈকে ২৬.৩৯ শতাংশ ভোটৰ হাৰ । আজি কৰিমগঞ্জ, শিলচৰ, মংগলদৈ, নগাঁও আৰু স্বায়ত্ত শাসিত পৰিষদ ডিফুত অনুষ্ঠিত হৈছে ভোট গ্ৰহণ ।

দিনৰ ১১ বজালৈকে কৰিমগঞ্জত ভোটৰ হাৰ ২৮.৩০ শতাংশ, শিলচৰত ২৭.০৫ শতাংশ ভোটৰ হাৰ । স্বায়ত্ত শাসিত পৰিষদ ডিফুত দিনৰ ১১ বজালৈকে ২৮.৯০ শতাংশ, মংগলদৈত ভোটৰ হাৰ ৩১.২৬ শতাংশ আৰু নগাঁওত ১৮.৫১ শতাংশ হৈছে ভোটৰ হাৰ ।

আজি ৫ টা লোকসভা সমষ্টিত ৫০ জন প্ৰাৰ্থীৰ ভাগ্য নিৰ্নয় হব ।

নিকা আৰু মুক্ত নিৰ্বাচনৰ বাবে ৩৫,৯৬৮ জন নিৰ্বাচনী বিষয়া নিয়োগ কৰা হৈছে ।

৫ টা সমষ্টিত ৬৯,১০,৫৯২ ভোটাৰ আছে । ইয়াৰে ৩৫,৫৪,৪৬০ পুৰুষ ভোটাৰ থকাৰ বিপৰিতে মহিলা ভোটাৰ সংখ্যা ৩৩,৫৫,৯৫২ । ১৮০ জন তৃতীয় লিংগ ভোটাৰ আছে।

দ্বিতীয় পৰ্যায় নিৰ্বাচনৰ বাবে ১৩৭ টা মহিলা ভোট গ্ৰহণ কেন্দ্ৰ আছে। ইয়াৰে ১১ টা কৰিমগঞ্জত, ২৬ টা নগাঁওত, ৬৭ টা মংগলদৈত, ১০ টা শিলচৰত আৰু ২৩ টা ডিফুত মহিলা ভোট গ্ৰহণ কেন্দ্ৰ আছে ।

৫ টা লোকসভা সমষ্টিত ১০৩৩ ৰিমোট ভোট গ্ৰহণ কেন্দ্ৰ আছে। কৰিমগঞ্জত ৩৫০ টা ৰিমোট ভোট গ্ৰহণ কেন্দ্ৰ আছে, ৪১০ টা শিলচৰত, ৪৩ টা মংগলদৈত আৰু ২৩০ টা ডিফুত আছে ৰিমোট ভোট গ্ৰহণ কেন্দ্ৰ ।ডিমা হাছাওত ইভিএমৰ বিসংগতিৰ বাবে ভোট গ্ৰহণ পলমকৈ আৰম্ভ হৈছে ।

নগাওঁ লোকসভা সমষ্টিৰ বিজেপি প্ৰাৰ্থী ৰূপক শৰ্মায়ে ভোট দান সাব্যস্ত কৰে। ভোটদান সাব্যস্ত কৰি প্ৰকাশ কৰে যে নগাঁও বাসীৰ ওপৰত তেওঁৰ সম্পূৰ্ণ আস্থা আছে । নগাঁও বাসী ভোট দান দি ৰূপক শৰ্মাক জয় যুক্ত কৰাৰ লগতে নৰেন্দ্ৰ মোদীক দেশৰ দ্বিতীয় বাৰৰ বাবে প্ৰধানমন্ত্ৰী হিচাপে নিৰ্বাচিত কৰিব।

অন্য খবৰৰ বাবে পঢ়ক : শীৰ্ষ বাতৰি

Next Story
চাকৰি