Begin typing your search above and press return to search.

দৰং জিলা উপায়ুক্তৰ উন্নয়ণমূলক আঁচনিৰ ওপৰত সংবাদমেল

দৰং জিলা উপায়ুক্তৰ উন্নয়ণমূলক আঁচনিৰ ওপৰত সংবাদমেল

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  1 Nov 2018 5:29 AM GMT

ৰাজ্য তথা কেন্দ্ৰীয় চৰকাৰৰ অনুদানেৰে দৰং জিলাত প্ৰতিটো চৰকাৰী বিভাগত বিভিন্ন আঁচনি ৰূপায়নত ব্যাপক হাৰত দুৰ্নীতি তথা অনিয়ম সংঘটিত হৈ থকা সময়তে আজি দৰং জিলাৰ উপায়ুক্ত অশোক কুমাৰ বমৰ্নে এখন সংবাদ মেল অনুষ্ঠিত কৰি বিভিন্ন উন্নয়নমূলক কৰ্মসূচী দাঙি ধৰে।

জিলাখনৰ গৰিষ্টসংখ্যাক চৰকাৰী বিভাগৰ বিষয়াক কাষত বহুৱাই ক্ৰমে পঞ্চায়ত গ্ৰামোন্নয়ন, কৃষি, স্বাস্থ্য, শিক্ষা, জনস্বাস্থ্য কাৰিকৰী, সমাজ কল্যাণ, বয়ন, ৰেচম, গড়কপ্তানি, পৰিবহণ, সাংস্কৃতিক, খাদ্য আৰু অসমাৰিক যোগান, উদ্যোগ আৰু বাণিজ্য, মীন, জলসম্পদ, জলসিঞ্চন সহ প্ৰায় প্ৰতিটো বিয়াগোম বিভাগে গ্ৰহণ কৰাউন্নয়ণ মূলক আচঁনি সাংবাদিকৰ আগত প্ৰকাশ কৰে।

জিলাখনৰ অতিৰিক্ত উপায়ুক্ত নৰনাৰায়ণ নাথ আৰু কল্পনা ডেকাক লগত লৈ উপায়ুক্তগৰাকীয়ে ৰাজ্য চৰকাৰৰ উপৰি কেন্দ্ৰীয় চৰকাৰে ৰূপায়ণ কৰিবলৈ লোৱা জনমূখী আঁচনি সমূহৰ ৰূপায়ণ ব্যৱস্থা বিস্তৃতভাৱে দাঙি ধৰে। তাৎপৰ্যপূৰ্ণ যে জিলাখনত জনস্বাস্থ্য কাৰিকৰী বিভাগে ৰূপায়ণ কৰা অনাময় শৌচাগাৰ নিৰ্মাণত পঞ্চায়তে পঞ্চায়তে সীমাহীন দুৰ্নীতি সংঘটিত হোৱাৰ পিছতো বিভাগীয় বিষয়া আৰু কৰ্মচাৰীসকলৰ কোনোধৰণৰ গা- নলৰাটোৱে বিশেষ তাৎপৰ্য বহন কৰিছে ।

একেদৰে প্ৰধানমন্ত্ৰী গ্ৰাম চড়ক যোজনা আঁচনি ৰূপায়ণৰ নামটো বিভাগীয় অভিযন্তা আৰু ঠিকাদাৰে মিলি ব্যাপক অনিয়ম সংঘটিত হোৱাৰ লগতে মীন বিভাগৰ বিষয়া কৰ্মচাৰীৰ দৌৰাত্ম্যত জিলাখনৰ এগৰাকী মীন পালকৰ বটাঁ ওফতাই দিয়াৰ এক ঘটনাই জিলাখনৰ উন্নয়নৰ ফোপোলা স্বৰূপটো উদঙাই দিয়া বুলি চৰ্চিত হৈছে।

একে সময়তে চৰকাৰৰ কৰ্ম সংস্কৃতিৰ প্ৰতি বুঢ়া আঙুলি দেখুৱাই জিলাখনৰ যুটীয়া স্বাস্থ্য সেৱা সঞ্চালক ডাঃ ৰূপলাল নুনিছাকে ধৰি একাংশ বিষয়াই চৰকাৰী ধন অপব্যয় কৰি সদৰত নথকাৰ পিছতো উপায়ুক্তৰ ৰহস্যজনক মৌনতাই এক বিশেষ ইংগিত বহন কৰা বুলি চৰ্চিত হৈছে।

Next Story
চাকৰি