Begin typing your search above and press return to search.

দৰঙত অবৈধ কাঠফলা মেচিন সহ চোৰাং কাঠভৰ্তি ট্রাক জব্দ

দৰঙত অবৈধ কাঠফলা মেচিন সহ চোৰাং কাঠভৰ্তি ট্রাক জব্দ

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  4 Oct 2018 6:20 AM GMT

উত্তৰ কামৰূপ বন সংমণ্ডলৰ অধিনস্থ দৰং জিলাত বন মাফিয়াৰ দৌৰাত্মৰ বিৰুদ্ধে সংবাদ মাধ্যমত ধাৰাবাহিক প্রতিবেদন প্রকাশ পোৱাৰ পিছতেই গা-লৰিছে মঙলদৈৰ খণ্ড বন বিষয়া আৰু কৰ্মচাৰী সকলৰ । উত্তৰ কামৰূপ বন সংমণ্ডলৰ ডি এফ অ' চন্দন বৰাৰ তৎপৰতাত মঙলদৈৰ সহকাৰী খণ্ড বন বিষয়া আয়েজ আলিৰ নেতৃত্বত যোৱা এটা দলে যোৱা দুদিনত জিলাখনত অভিযান চলাই ৬ টাকৈ অবৈধ কাঠফলা মেচিন আৰু এখন চোৰাং কাঠভৰ্তি ট্রাক জব্দ কৰিবলৈ সক্ষম হয়।

জিলা বন বিভাগৰ এক সূত্রে জানিব পৰা মতে, জিলাখনৰ হলৌচৌকাৰ গৰিয়াপাৰা গাঁৱৰ পৰা এটা ,দলগাঁৱৰ দৈপামৰ পৰা এটা, শিলবড়ীৰ কপাটী গাঁৱৰ পৰা দুটা, বটাবাৰীৰ পৰা এটা আৰু ভকতপাৰাৰ পিনবাৰিৰ পৰা এটা কাঠফলা মেচিন জব্দ কৰিবলৈ সক্ষম হয়।

মঙলদৈৰ খণ্ড বন বিষয়া খগেন ভড়ালীৰ পৰা জানিব পৰা মতে, বন আইন অনুসৰি এক লাখ চাৰি হাজাৰ ওঠৰ টকাকৈ জৰিমনা বিহি মুঠ ৯,৩৬,১৬২ টকা ৰাজহ কেৱল বালি ভৰ্তি ট্ৰাকৰ পৰাই সংগ্ৰহ কৰিবলৈ সক্ষম হৈছে। আনহাতে দুখন ট্ৰেক্টৰৰ পৰা ১,০০,২৫৮ টকাকৈ মুঠ ২,০০,৫১৬ টকা জৰিমনা সংগ্ৰহ কৰিছে। জিলাখনৰ বনকৰ্মীসকল এনেদৰে তৎপৰ হলে বন মাফিয়াৰ দৌৰাত্ম অচিৰেই ৰোধ কৰিব পৰা যাব বুলি সচেতন মহলে মত পোষণ কৰিছে।

Next Story
চাকৰি