দৰঙৰ মঙলদৈ ব্ৰিলিয়েন্ট একাডমীৰ উচ্চতৰ মাধ্যমিক প্ৰথম বৰ্ষৰ বিদ্যাৰ্থী শিল্পীশিখা চহৰীয়া আজি গুৱাহাটীৰ এখন ব্যক্তিগত চিকিৎসালয়ত মৃত্যু হোৱা বতৰাই মঙলদৈত শোকৰ ছাঁ পেলাইছে । জানিব পৰা মতে জাপানীজ এনকেফেলাইটিছ ৰোগত আক্ৰান্ত ছাত্ৰী গৰাকীক সুস্থ কৰাৰ বাবে চিকিৎসকে অপ্ৰাণ চেষ্টা কৰিও ব্যৰ্থ হয়। মঙলদৈ জলজলীৰ নিবাসী প্ৰমোদ চহৰীয়া আৰু পুৰবী চহৰীয়াৰ প্ৰথম কন্যা শিল্পীশিখা চহৰীয়াৰ আকস্মিক বিয়োগত ব্ৰিলিয়েন্ট একাডেমীৰ সঞ্চালক ঋত্তিক চৌধুৰী, সদৌ দৰং জিলা ছাত্ৰ সন্থাৰ সভাপতি খনিন্দ্ৰ ৰাজবংশী, উপ-সভাপতি নিৰঞ্জন শইকীয়া, অসম জাতীয়তাবাদী যুৱছাত্ৰ পৰিষদৰ দৰং জিলা সমিতি আৰু ডাঁহী আঞ্চলিক ছাত্ৰ সন্থাই গভীৰ শোক প্ৰকাশ কৰিছে।
Begin typing your search above and press return to search.