Begin typing your search above and press return to search.

দৰিদ্ৰতাক নেওচি ৯৫.৮ শতাংশৰে উৰ্ত্তীৰ্ণ বিশ্বনাথৰ ৰকী চাহু: উচ্চ শিক্ষাৰ দায়িত্ব ল'লে মন্ত্ৰী ৰঞ্জিত দত্তয়ে

দৰিদ্ৰতাক নেওচি  ৯৫.৮ শতাংশৰে উৰ্ত্তীৰ্ণ বিশ্বনাথৰ ৰকী চাহু: উচ্চ শিক্ষাৰ দায়িত্ব ললে মন্ত্ৰী ৰঞ্জিত দত্তয়ে

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  15 May 2019 10:55 AM GMT

দৰিদ্ৰতা কেতিয়াও শিক্ষাৰ অন্তৰায় হব নোৱাৰে। এই কথা পুনৰ বাৰ প্ৰমানিত কৰিলে বিশ্বনাথৰ দৰিদ্ৰ পৰিয়াল সন্তান ৰকী চাহুৱে । হাইস্কুল শিক্ষান্ত পৰীক্ষাত ৰকী চাহুৱে ৯৫.৮ শতাংশৰে উৰ্ত্তীৰ্ণ হৈ সমাজ খনৰ বাবে অনুপ্ৰেৰণা উৎস হৈ পৰিছে । বিশ্বনাথ চাৰিআলিৰ খৰাশিমলু হাইস্কুলৰ পৰা হাইস্কুল শিক্ষান্ত পৰীক্ষাত ৯৫.৮ শতাংশৰে উৰ্ত্তীৰ্ণ হৈছে অতি দৰিদ্ৰ পৰিয়ালৰ সন্তান ৰকী চাহুৱে । ৰকী চাহুৰ সাফল্যত এতিয়া গৌৰাম্বিত সমগ্ৰ অঞ্চলবাসী।

ৰকী চাহুৰ পিতৃ এজন ৰাজমিস্ত্ৰী । ৰাজমিস্ত্ৰী কৰি পিতৃ ৰঞ্জিত চাহুৱে অতি কষ্টেৰে পৰিয়ালটো পোহপাল দিয়াৰ লগতে পুত্ৰ ৰকী চাহুক পঢ়ুৱাইছিল ।

আৰ্থিক অনাটনৰ বাবে ৰকী চাহুৱে হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ আগত ঘৰোৱা শিক্ষকৰ সহায় লব পৰা নাছিল । ৰকীক সহায় কৰিছিল বিদ্যালয়ত শিক্ষকে । ৰকী চাহুৱে গণিত ১০০ নম্বৰ লাভ কৰাৰ লগতে, বিজ্ঞানত লাভ কৰে ৯৯ নম্বৰ, সমাজ বিজ্ঞানত ৯৯ নম্বৰ, ইংৰাজিত ৯১ নম্বৰ, অসমীয়াত লাভ কৰে ৯১ নম্বৰ, কম্পিউটাৰ বিষয়ত ৯৫ নম্বৰ লাভ কৰে।

ৰকী চাহুৰ সফলতাত এতিয়া আনন্দিত পৰিয়ালৰ লগতে শিক্ষক-শিক্ষয়িত্ৰী আৰু অঞ্চলবাসী।

ৰকী চাহুত ফলাফলৰ পাছতে অসমৰ কেবিনেট মন্ত্ৰী ৰঞ্জিত দত্তয়ে একাদশ আৰু দ্বাদশ শ্ৰেণীৰ শিক্ষাৰ দায়িত্ব গ্ৰহণ কৰিব বুলি প্ৰকাশ কৰে খৰাশিমলু হাইস্কুলৰ প্ৰধান শিক্ষক হেমাংগ হাজৰিকায়ে ।

অধিক খবৰৰ বাবে পঢ়ক : ৰাজ্যিক বাতৰি

Next Story
চাকৰি