নগাঁও জিলাত ধিঙৰ শালকাটি পথাৰ গাৱঁত নিশা অস্ত্রসহ গ্ৰেপ্তাৰ কৰা হয় এজন লোকক । চিনাক্ত কৰা অনুসৰি গ্ৰেপ্তাৰ কৰা লোক জনৰ নাম মফিদুল ইছলাম বুলি জানিব পৰা গৈছে ।লোকজনৰ পৰা উদ্ধাৰ কৰা হয় এটা ৭.৬৫ পিষ্টল আৰু মেগজিনৰ লগতে ৪ জাঁই সজীৱ গুলী আৰু এটা গ্ৰেনেড । নগাঁও জিলাৰ উপ আৰক্ষী অধীক্ষক জন দাসৰ নেতৃ্ত্বত ২৯সংখ্য অসম ৰাইফলচৰ সহযোগত চলিছিল এই সফল অভিযান।মফিদুলে ঘৰৰ দুৱাৰ খুলি নিদিয়াত ধিঙৰ চক্ৰ বিষয়া মৃণাল বৰাৰ উপস্থিতিত দুৱাৰ ভাঙি আৰক্ষীয়ে ভিতৰত প্রৱেশ কৰি মফিদুলক আটক কৰিবলৈ সক্ষম হয় । বৰ্তমান ধিং থানাত জেৰা অব্যাহত চলাই থকা ধৃত লোকজনক । ইয়াৰ পূৰ্বতেও বহুকেইটা অপৰাধৰে জড়িত আছিল মফিদুল ।
Begin typing your search above and press return to search.