মাতৃ আৰু শিশুৰ সুৰক্ষাৰ স্বাৰ্থে এনএইচএমে ধুবুৰী অসামৰিক চিকিৎসালয়ত স্তনপান কক্ষ এটি মুকলি কৰিছে।ইয়াৰ উপৰিও স্বাস্থ্য কেন্দ্ৰ সমূহত আৰু স্তনপান কক্ষ মুকলি কৰা হব।যিহেতু শিশু এটিৰ জন্মৰ পিছৰ ৬মাহলৈ মাকৰ গাখীৰ খুবেই প্ৰয়োজনীয় সেয়ে এনে ক্ষেত্ৰত এই স্তনপান কক্ষই মাতৃৰ লগতে শিশু সকলক সহায়ক কৰি তুলিব। শিশু সকলক মাতৃ দুগ্ধৰ প্ৰয়োজনীয়তা সম্পৰ্কে সজাগ কৰি তোলা হব। প্ৰসূতি মাতৃ আৰু গৰ্ভৱতী মহিলা সকলক নৱজাতক শিশুক স্তনপান সম্পৰ্কত বিশদভাৱে জ্ঞান দিয়াৰ ব্যৱস্থা কৰিছে । বিশেষকৈ এই কক্ষৰ জড়িয়তে গ্ৰামাঞ্চলৰ ৰাইজৰ মাজত স্তনপান সন্দৰ্ভত থকা অন্ধবিশ্বাস সমূহ আতৰ কৰিব বুলি স্বাস্থ্য বিভাগে আশা প্ৰকাশ কৰিছে।
Begin typing your search above and press return to search.