Begin typing your search above and press return to search.

নক্সালবাদৰ পৰা উভতি আহি ৩০বছৰ ধৰি গঢ় দি আছে কিছু ছাত্ৰ-ছাত্ৰীৰ জীৱন;শিক্ষক দিৱস

নক্সালবাদৰ পৰা উভতি আহি ৩০বছৰ ধৰি গঢ় দি আছে কিছু ছাত্ৰ-ছাত্ৰীৰ জীৱন;শিক্ষক দিৱস

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  5 Sep 2018 11:50 AM GMT

আজি শিক্ষক দিৱস।ভাৰতৰ দ্বিতীয় গৰাকী ৰাষ্ট্ৰপতি ড° সৰ্বপল্লী ৰাধাকৃষ্ণনৰ জন্ম দিনটোতে এই বিশেষ দিন তথা শিক্ষক দিৱস হিচাপে পালন কৰা হয়।শিক্ষক হৈছে এনে এগৰাকী ব্যক্তি যিয়ে এডাল মমৰ দৰে জ্বলি জ্বলি আনক পোহৰ বিলাই।এই বিশেষ দিনটোতে এজন ব্যতিক্ৰমী শিক্ষকৰ বিষয়ে তলত আলোচনা কৰা হৈছে।

শিক্ষক এজনে এখন ঘৰ,এখন সমাজ, এখন দেশ গঢ়াত এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে।গুৰু-শিষ্যৰ যি সম্পৰ্ক সেই সম্পৰ্ক এক অটুত সম্পৰ্ক,হয়তো আজিকালি এনে সম্পৰ্ক খুউব কম যদিও সমাজত এনে উদাহৰন নথকা নহয়।আজি আমি এনে এজন শিক্ষকৰ বিষয়ে আলোচনা কৰিম যিয়ে নক্সালবাদৰ পৰা ওলাই আহি যোৱা ৩০বছৰ ধৰি দৰিদ্ৰ প্ৰয়োজনীয় ছাত্ৰ সকলক শিক্ষা প্ৰদান কৰি আহিছে।পশ্চিম বেংগলৰ বশীৰঘাটৰ সুভাস চন্দ্ৰ কুণ্ড আম্বেদকাৰ নামৰ এজন ব্যক্তিয়ে দুখীয়া ল'ৰা-ছোৱালীক বিজ্ঞান পঢ়াবলৈ নক্সালবাদ ত্যাগ দিছিল।তেওঁ থকা অঞ্চলত শিক্ষাৰ পৰা বঞ্চিত ছাত্ৰ সকলক শিক্ষা দিবলৈ জীবনৰ তিনি দশক ধৰি বীনামুলীয়া শিক্ষা প্ৰদান কৰিছে।

দুখীয়া পৰিয়ালৰ যিসকল ছাত্ৰ-ছাত্ৰী পঢ়াৰ পৰা বঞ্চিত হৈছে সেইসকলৰ বাবে তেঁও ১৯৮৮চনত নিজৰ ভগ্নী আৰু ভায়েকৰ পৰা অলপ মাটি ক্ৰয় কৰি সেই মাটিত ভৌতিক সংস্থাৰ স্থাপন কৰে।সংস্থাটো স্থাপিত কৰাৰ পূৰ্বে তেওঁ বশীৰহাট হাই স্কুলত শিক্ষক হিচাপে পাঠদান কৰাইছিল।প্ৰথম অৱস্থাত তেওঁ সংস্থাটো স্থাপন কৰিবলৈ ছাত্ৰ সকলেও যোগদান কৰিছিল যদিও সংস্থাটো বিকাশৰ বাবে তেওঁ বেংকৰ পৰা ঋণ লৈছিল।বৰ্তমান সময়ত তেওঁৰ সংস্থাটোত ১০০ কোঠা আৰু লগতে প্ৰয়োগশালাও আছে আৰু বিভিন্ন বৈজ্ঞানিক উপকৰন ক্ৰয় কৰি সংযোগ কৰি লৈছে।

সুভাস চন্দ্ৰ কুণ্ডে পঢ়োৱা বহু ছাত্ৰ বৰ্তমান ভাল ভাল কোম্পানী তথা প্ৰতিষ্ঠানত সংস্থাপিত হবলৈ সক্ষম হৈছে।এটা সময়ত যিসকল ছাত্ৰয়ে আৰ্থিক অৱস্থা ক্ষীন হোৱা বাবে পঢ় ত্যাগ দিব লগা হৈছিল আজিৰ দিনত সুভাস চন্দ্ৰ কুণ্ডই পঢ়োৱা ছাত্ৰয়ে উচ্চ শিখৰ চুবলৈ সক্ষম হৈছে।সেয়ে সুভাস চন্দ্ৰ কুণ্ড এগৰাকী প্ৰশংসা প্ৰাপ্ত শিক্ষক হিচাপে আজি সমূহ দেশতে চৰ্চিত।

Next Story
চাকৰি