নগাঁও জিলাৰ কচুৱা শিঙিমাৰীত শুক্ৰবাৰে নিশা প্ৰতিমা বিসৰ্জন দি উভতাৰ পথত এক ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হয় । নিয়ন্ত্ৰণ হেৰুৱাই পথৰ ওপৰত বাগৰি পৰে টাটা মেজিক ট্ৰাক । বাহনখনত থকা ৩০ জন লোকৰ ভিতৰত প্ৰায় ১০ জন লোক আহত হয় । আহত সকলৰ ভিতৰত পাঁচজনক সংকটজনক অৱস্থাত নগাৱঁৰ চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয় ।
উল্লেখযোগ্য যে, দুৰ্ঘটনাত আহত ব্যক্তি সকলক প্ৰথমে শিঙিমাৰী ৰাজ্যিক চিকিৎসালয়ত ভৰ্ত্তি কৰোৱা হয় যদিও চিকিৎসালয় খনত চিকিৎসক নথকাত এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয় । পিছত কচুৱা আৰক্ষী চিকিৎসালয়ত উপস্থিতি হৈ পৰিস্থিতি নিয়ন্ত্ৰণ কৰে । দুৰ্ঘটনাত পতিত হোৱা বাহনখনৰ নম্বৰ এএছ ০২বিচি ৪৯৪৮ ।