Begin typing your search above and press return to search.

নগাঁৱৰ ঐতিহ্যমণ্ডিত শ্ৰী শ্ৰী জগতগুৰু পুথিভঁড়ালৰ সোণালী জয়ন্তী

নগাঁৱৰ ঐতিহ্যমণ্ডিত শ্ৰী শ্ৰী জগতগুৰু পুথিভঁড়ালৰ সোণালী জয়ন্তী

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  26 Oct 2018 8:36 AM GMT

হৰিনামৰ অমিয়া ধ্বনি, খোল-তালৰ শব্দ, আইনাম, জাউৰিয়ে জাউৰিয়ে হাত-চাপৰি, সত্ৰীয়া সংস্কৃতি,জাতি-জনগোষ্ঠীৰ কৃষ্টি-সংস্কৃতিৰ প্ৰদৰ্শনৰে আজি পুৱা প্ৰাণৱন্ত হৈ পৰিল নগাঁৱৰ খালৈগাঁৱ অঞ্চল। নগাঁও জিলাৰ বৃহত্তৰ হাতীচোং অঞ্চলৰ অন্তৰ্গত খালৈগাঁৱৰ শৈক্ষিক,বৌদ্ধিক উত্তৰণৰ বিগত পাঁচ টা দশকে প্ৰভুত অৰিহণা আগবঢ়াই অহা ঐতিহ্যমণ্ডিত শ্ৰী শ্ৰী জগতগুৰু পুথিভঁড়ালৰ সোণালী জয়ন্তী উদযাপন কাৰ্যসূচী আজিৰে পৰা তিনিদিনীয়াকৈ শ্ৰীমন্ত শংকৰদেৱ বিদ্যালয় খেলপথাৰত আৰম্ভ হৈছে ।

এই উপলক্ষে পুৱা ১০.৩০ বজাত উলিওৱা হয় এক বৰ্ণিল সাংস্কৃতিক শোভাযাত্ৰা। খালৈগাঁৱৰ শ্ৰীমন্ত শংকৰদেৱ বিদ্যালয়ৰ পৰা আৰম্ভ হোৱা সাংস্কৃতিক শোভাযাত্ৰাটিত বৃহত্তৰ অঞ্চলৰ শিশুৰ পৰা আবাল বৃদ্ধ বণিতালৈকে প্ৰায় পাঁচ শতাধিক লোকে অংশ লয়। প্ৰায় দুই কিল'মিটাৰ দূৰত্ব পৰিভ্ৰমণ কৰা সাংস্কৃতিক শোভাযাত্ৰাটোত শিশুৰ পৰা ডেকা-গাভৰু, বৃদ্ধ-বণিতাই গুৰুজনাৰ সৃষ্টিৰাজি, অসমীয়া সংস্কৃতি আৰু জাতি-জনগোষ্ঠীৰ নৃত্য গীত-মাত প্ৰদৰ্শন কৰি মুগ্ধ কৰে খালৈগাঁওবাসীক। ইয়াৰ পূৰ্বে পুৱা পতাকা উত্তোলনে ৰে আৰম্ভ হোৱা সোণালী জয়ন্তী কাৰ্যসূচীৰ বিয়লিলৈ এখনি আলোচনা চক্ৰ অনুষ্ঠিত হয়। সন্ধ্যা বন্তি প্ৰজ্বলন কাৰ্যসূচী পাছত স্থানীয় মহিলাসকলৰ দ্বাৰা 'হৰিচন্দ্ৰ পালা' মঞ্চস্থ কৰা হ'ব।

২৭ অক্টোবৰৰ পুৱা বৃক্ষৰোপণ কাৰ্যসূচী আৰু দিনৰ ভাগত কবিতা আবৃত্তি, আকস্মিক বক্তৃতা আৰু কুইজ প্ৰতিযোগিতা অনুষ্ঠিত হ'ব। সন্ধ্যালৈ আমন্ত্ৰিত কেইবাজনো জনপ্ৰিয় শিল্পীৰ দ্বাৰা সাংস্কৃতিক অনুষ্ঠান পৰিবেশন কৰা হ'ব। আনহাতে, ২৮ অক্টোবৰত পুৱা চিত্ৰাংকন প্ৰতিযোগিতাৰ অন্তত দিনৰ ১ বজাত এক মুকলি আলোচনা চক্ৰ অনুষ্ঠিত হ'ব য'ত মুখ্য অতিথিৰূপে উপস্থিত থাকিব বিশিষ্ট সাহিত্যিক ড° লক্ষ্মীনন্দন বৰা। শংকৰী সাহিত্যৰ গৱেষক পণ্ডিত ড° সঞ্জীৱ বৰকাকতিৰ সঞ্চালনাত অনুষ্ঠিত হ'ব লগা আলোচনা চক্ৰখনিত বিশিষ্ট অতিথিৰূপে বটদ্ৰৱাৰ বিধায়িকা আঙুৰলতা ডেকা আৰু বিশিষ্ট সাহিত্যিক শিৱানন্দ কাকতি অংশ লোৱাৰ লগতে নিদিষ্ট বক্তাৰূপে ভাগ ল'ব সাহিত্যিক দ্বয় দেৱাংগ পল্লৱ শইকীয়া আৰু শমিষ্ঠা প্ৰীতমে।

সন্ধিয়া সত্ৰীয়া সাংস্কৃতিক অনুষ্ঠান অনুষ্ঠিত হ'ব য'ত মৰিগাঁৱৰ সাঁচিপাত গোষ্ঠীৰদ্বাৰা ' খোলবাদন আৰু ভোৰতাল নৃত্য', ধিঙৰ সমন্বয় গোষ্ঠীৰ 'বাহীবাদন', কৰ্কট ৰোগী সকলৰ সাহাৰ্যৰ্থে 'অকিলিচ আছাইকেদৰ সংগীতানুষ্ঠান' আৰু শিল্পী জুমন গায়নৰ সত্ৰীয়া অনুষ্ঠান আদি পৰিবেশন কৰা হ'ব। নিশালৈ জনপ্ৰিয় কণ্ঠশিল্পী জিতু শ্ৰাৱনকে ধৰি কেইবাজনো আগশাৰীৰ কণ্ঠশিল্পীয়ে সংগীতানুষ্ঠান পৰিবেশন কৰিব বুলি সোণালী জয়ন্তী উদযাপন সমিতিৰ সম্পাদক নেত্ৰকমল মহন্তই জানিবলৈ দিছে।

Next Story
চাকৰি