নগাঁও জিলাৰ মধুপুৰত এজন অচিনাক্ত লোকৰ মৃতদেহ উদ্ধাৰ হোৱা ঘটনাক লৈ সমগ্ৰ অঞ্চলটোতে চাঞ্চল্য সৃষ্টি হৈছে। মধুপুৰৰ নামঘৰৰ সমীপৰ পথৰ দাঁতিত উদ্ধাৰ হৈছে মৃতদেহটো। পুৱাই স্থানীয় লোকে প্ৰত্যক্ষ কৰি খবৰ দিয়ে মধুপুৰ আৰক্ষীক। এই পৰ্যন্ত চিনাক্ত হোৱা নাই মৃতদেহ টো। দুৰ্বৃত্তই হত্যা কৰি পেলাই থৈ যোৱাৰ সন্দেহ। আৰক্ষীয়ে উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰে মৃতদেহটো। ইতিমধ্যে আৰক্ষীয়ে হত্যাকাৰীৰ সন্ধানত অভিযান আৰম্ভ কৰিছে বুলি জানিব পৰা গৈছে।
Begin typing your search above and press return to search.