Begin typing your search above and press return to search.

নাগালেণ্ডত নাগৰিকত্ব সংশোধনী বিধেয়ক ২০১৬ প্ৰযোজ্য নহয়ঃ নেফিঅ’ ৰিঅ’

নাগালেণ্ডত নাগৰিকত্ব সংশোধনী বিধেয়ক ২০১৬ প্ৰযোজ্য নহয়ঃ নেফিঅ’ ৰিঅ’

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  21 Jan 2019 8:15 AM GMT

নাগালেণ্ডত নাগৰিকত্ব সংশোধনী বিধেয়ক ২০১৬ প্ৰযোজ্য নহয় ৷ এই মন্তব্য নাগালেণ্ডৰ মুখ্যমন্ত্ৰী নেফিঅ’ ৰিঅ’ৰ । লগতে কয় যে অনুচ্চেদ ৩৭১ৰ অনুসৰি ইনাৰ লাইন পাৰমিটৰ গণ্ডীৰ ভিতৰত সম্প্ৰতি ৰাজ্যখন সুৰক্ষিত ৷ নাগৰিকত্ব সংশোধনী বিধেয়ক ২০১৬ৰ সন্দৰ্ভত নাগালেণ্ডৰ মুখ্যমন্ত্ৰী ৰিঅ’ই কয় যে,১৮ জানুৱাৰীত বিধেয়ক খনৰ সন্দৰ্ভত ৰাজ্য মন্ত্ৰী মণ্ডলত এক আলোচনা হয় ।ইয়াৰ পিছতে বিগত বৰ্ষৰ ৫ জুন আৰু চলিত বৰ্ষৰ ৭ জানুৱাৰীত বিধেয়ক খনৰ সন্দৰ্ভত লোৱা সিদ্ধান্তক পুনৰ দোহৰা হয় । কেন্দ্ৰত এই কথা স্পষ্ট হৈছিল যে নাগৰিকত্ব সংশোধনী বিধেয়ক ২০১৬ক নাগালেণ্ডত প্ৰযোজ্য কৰা ন’হব ৷ আমি অনুচ্চেদ ৩৭১ ৰ অন্তৰ্গত ইনাৰ পাৰমিট লাইনৰ অধীনত সুৰক্ষিত ৷

ইফালে নাগালেণ্ড বিধানসভাত অনুচ্চেদ ৩৭১ক পুনৰ বিবেচনা তথা ১৮৭৩ চনৰ Bengle Eastern Frintier Regulation ৰ অনুসৰি ইনাৰ লাইন পাৰমিতক অধিক শক্তিশালী কৰিবৰ কাৰণে পুনৰ বিবেচনা কৰিবৰ কাৰণে সিদ্ধান্ত গ্ৰহণ কৰিব ৷ মন্ত্ৰী পৰিষদে সম্পূৰ্ণৰূপে এই বিষয়ে পৰীক্ষা কৰাৰ কাৰণে নাগালেণ্ড পৰিষদৰ অধীনত ধাৰা ৩৭১ ৰ সম্পৰ্কত তথা স্থায়ী কমিটীত নাগৰিকত্ব সংশোধনী বিল উত্থাপন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে ৷ লগতে আদিবাসী জনগণৰ অধিকাৰক সম্পূৰ্ণ সুৰক্ষিত কৰাৰ কাৰনে মন্ত্ৰী পৰিষদে ভাৰত চৰকাৰক উত্তৰ পূৰ্বাঞ্চলৰ সকলো ৰাজ্যৰ লগত এক আলোচনাত মিলিত হ’বলৈ আহ্বান কৰে ৷

উল্লেখ্য যে, লোকসভাত বিধেয়কখন উত্থাপন কৰি ৰাজনাথ সিঙে কয় যে এই বিধেয়কখন কেৱল মাত্ৰ অসমৰ কাৰণে নহয়। বিধেয়কখনৰ হিতাধিকাৰীসকলে ভাৰতবৰ্ষৰ যিকোনো ৰাজ্যতে বসবাস কৰিব পাৰিব ৷ভাৰত চৰকাৰে অসম চৰকাৰ আৰু জনসাধাৰণক সকলো প্ৰকাৰৰ সহযোগিতা কৰাৰ কাৰণে বদ্ধ পৰিকৰ বুলিও কয় ৰাজনাথ সিঙে ৷উল্লেখ্য যে নাগৰিকত্ব সংশোধনী বিধেয়কখনে ২০১৪ চনৰ ৩১ ডিচেম্বৰৰ আগত আফগানিস্তান, পাকিস্তান আৰু বাংলাদেশৰ পৰা অহা ছয়টা সংখ্যালঘু হিন্দু,শিখ জৈন,বৌদ্ধ,খ্ৰীষ্টান আৰু পাৰ্ছি ধৰ্মৰ লোকক ভাৰতীয় নাগৰিকত্ব প্ৰদান কৰিব ৷

অধিক খবৰৰ বাবে পঢ়ক : শীৰ্ষ বাতৰি

Next Story
চাকৰি