নাগৰিকত্ব প্ৰমাণ কৰিব নোৱাৰা সকলে দেশ এৰি যাব লাগিব: আনচাৰী

ভাৰতীয় সংবিধানৰ নীতি নিৰ্দেশনা অনুসৰি যিসকল লোকে নিজৰ নাগৰিকত্ব প্ৰমাণ কৰিব নোৱাৰিব সেইসকল লোকে দেশ এৰি যাব লাগিব। এই ক্ষেত্ৰত ধৰ্ম বা ভাষাৰ প্ৰসংগ কেতিয়াও নাহে। নিজকে ভাৰতৰ নাগৰিক হিচাপে প্ৰমাণ কৰিব নোৱাৰা সকল ভাৰত এৰি য'ৰ পৰা আহিছিল সেই ঠাইলৈ উভতি যাব লাগিব বা যাবলৈ বাধ্য কৰিব লাগিব। এই মন্তব্য কৰে ভাৰতীয় জনতা পাৰ্টিৰ সংখালঘু মৰ্চাৰ ৰাষ্ট্ৰীয় সভাপতি আব্দুল ৰচিদ আনচাৰীয়ে।
ভাৰতীয় জনতা পাৰ্টিৰ সংখালঘু মৰ্চাৰ সভাপতি গৰাকীয়ে দুদিনীয়া ভ্ৰমণ সূচী লৈ বৃহস্পতি বাৰে অসমলৈ আহিছে। নিজৰ ভ্ৰমণ সূচী সমাপ্ত কৰাৰ আগতে শুক্ৰবাৰে সাংবাদ মেল সম্বোধন কৰি আনচাৰীয়ে কয় যে অসমত উচ্চতম ন্যায়ালয়ৰ নীতি নিৰ্দেশনা অনুসৰি ৰাষ্ট্ৰীয় নাগৰিক পঞ্জী উন্নীতকণৰ কাম চলি আছে। ভাৰতীয় সংবিধানত নিজকে ভাৰতীয় নাগৰিক হিচাপে প্ৰমাণ কৰাৰ বাবে বহুতো নিৰ্দেশনা আছে। কোনোবাই যদি নিজকে ভাৰতীয় নাগৰিক হিচাপে প্ৰমাণ কৰিব বিচাৰে তেতিয়াহলে সংবিধানত উল্লেখ কৰা নিৰ্দেশনা অনুসৰি প্ৰমাণ কৰিব লাগিব। যিসকল লোকে সংবিধানত উল্লেখ কৰা এই নিৰ্দেশনা অনুসৰি নিজকে ভাৰতীয় নাগৰিক হিচাপে প্ৰমাণ কৰিব নোৱাৰিব সেইসকল লোকে যি ঠাইৰ পৰা আহিছিল তালৈ যাব লাগিব। ধৰ্ম বা ভাষাৰ প্ৰসংগ এই ক্ষেত্ৰত গ্ৰহণযোগ্য নহব। এইদৰে মন্তব্য কৰে আনচাৰীয়ে।অসমত প্ৰকাশ হোৱা সম্পুৰ্ণ নাগৰিক পঞ্জীৰ খচৰাত ৪০ লাখ মানুহৰ নাম বাদ পৰাৰ প্ৰসংগত ৰচিদ আনচাৰীয়ে কয় যে এই সকল লোকক নাগৰিক পঞ্জীত নিজৰ নাম অন্তৰ্ভূক্ত কৰাৰ বাবে প্ৰয়োজনীয় সময় প্ৰদান কৰিব লাগে।
নাগৰিকত্ব সংশোধনী বিধেয়ক-২০১৬ৰ প্ৰসংগত শোধা প্ৰশ্নৰ উত্তৰত আনচাৰীয়ে কয় যে জেপিচিয়ে এতিয়াও সম্পুৰ্ণ ৰিপোৰ্ট সংসদৰ মজিয়াত প্ৰদান কৰা নাই, গতিকে সম্পূৰ্ণ ৰিপোৰ্ট দাখিল নকৰা পৰ্য্যন্ত এই ক্ষেত্ৰত মন্তব্য নকৰাটোৱে বুধিয়কৰ কাম হব। বদৰুদ্দিন আজমলে ৰাহুল গান্ধীক বিৰোধী দলে প্ৰধান মন্ত্ৰী প্ৰাৰ্থী হিচাপে প্ৰক্ষেপ কৰিব লাগে বুলি কৰা মন্তব্যৰ বিষয়ে আনচাৰিক সাংবাদিকে সোধোতে কয় যে বদৰুদ্দিন আজমলে অসমত কংগ্ৰেছৰ বিৰোধিতা কৰে আৰু কেন্দ্ৰত কংগ্ৰেছক সমৰ্থন কৰিছে। আজমলে নিজে সপোন দেখাৰ আগতে প্ৰথমতে ভৰি মাটিত ৰখাৰ বাবে আহ্বান কৰে আনচাৰীয়ে। অসমত সদ্য সমাপ্ত পঞ্চায়ত নিৰ্বাচনত জনসাধাৰণে বদৰুদ্দিন আজমলক প্ৰত্যাখান কৰা বুলিও বিজেপিৰ ৰাষ্ট্ৰীয় সংখালঘুৰ সভাপতি জনে মন্তব্য কৰে। আনচাৰীয়ে কয় যে সংখালঘু মৰ্চাই ৩১ জানুৱাৰীৰ পৰা নতুন দিল্লীত দুদিনীয়া বৈঠক আয়োজন কৰিছে আৰু এই বৈঠকত ভাৰতীয় জনতা পাৰ্টিৰ ৰাষ্ট্ৰীয় সভাপতি অমিত শ্বাহ উপস্থিত থাকিব আৰু সকলো ৰাজ্যৰ বিজেপি সংঘালঘু মৰ্চাৰ বিষয় ববীয়া সকল উপস্থিত থাকিব। বিজেপিয়ে সদ্য সমাপ্ত পাচখন ৰাজ্যৰ নিৰ্বাচনত পৰাজয়ৰ সন্মুখীন হোৱাৰ পিছত দেশজুৰি প্ৰচাৰ অভিযান আৰম্ভ কৰিছে।
অধিক খবৰৰ বাবে পঢ়ক শীৰ্ষ বাতৰি