Begin typing your search above and press return to search.

নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিপক্ষে নতুন দিল্লীত ৯ ডিচেম্বৰৰ পৰা আমৰণ অনশন

নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিপক্ষে নতুন দিল্লীত ৯ ডিচেম্বৰৰ পৰা আমৰণ অনশন

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  8 Dec 2018 10:50 AM GMT

ডিচেম্বৰৰ ১১ তাৰিখৰ পৰা আৰম্ভ হব লগীয়া সংসদৰ শীতকালীন অধিবেশনৰ সময়ত নাগৰিকত্ব সংশোধনী বিধেয়ক-২০১৬ বাতিলৰ দাবীত অসম আৰু উত্তৰ পূৰ্বাঞ্চলৰ ৭০ টা সংগঠনে নতুন দিল্লীত আমৰণ অনশন আৰম্ভ কৰিব। সংসদ ভবনৰ বাহিৰত ৯ ডিচেম্বৰৰ পৰা সংগঠন সমূহে আৰম্ভ কৰিব আমৰণ অনশন কাৰ্য্যসূচী।

সংগঠনৰ ফালৰ পৰা প্ৰকাশ কৰা মতে এই আমৰণ অনশন ১৫ ৰ পৰা ২০ দিনলৈ চলিব আৰু প্ৰতিদিনে অনশন স্থলীত অতিকমেও ৫০ জন লোকে অংশগ্ৰহণ কৰিব আৰু অনশনৰ সময়ত যদি কোনোবা অসুস্থ হৈ পৰে সেই স্থান পূৰণ কৰাৰ বাবে অতিৰিক্ত দলো সাজু হৈ থাকিব। অমসত ইতিমধ্যে এই সত্তৰটা দলে নাগৰিকত্ব সংশোধনী বিধেয়ক-২০১৬ বাতিল কৰাৰ বাবে প্ৰতিবাদ সাব্যস্ত কৰি আহিছে কিন্তু দেশৰ ৰাজধানীত এয়া প্ৰথম প্ৰতিবাদ হব। নতুন দিল্লীত প্ৰতিবাদ সাব্যস্ত কৰিব লগীয়া দল সমূহৰ ফালৰ পৰা প্ৰকাশ কৰা হয় যে এই জাতিধ্বংসী নাগৰিকত্ব সংশোধনী বিধেয়ক খনে অসমত দুৰ্যোগৰ সৃষ্টি কৰিব আৰু খিলঞ্জীয়া মানুহৰ অস্তিত্ব নোহোৱা হৈ পৰিব। অসমৰ বিজেপি নেতৃত্বাধীন চৰকাৰ খনে অসমৰ জনসাধাৰণক বিপথে পৰিছালিত কৰি আহিছে আৰু জাতিধ্বংসী নাগৰিকত্ব সংশোধনী বিধেয়ক খনে অসম চুক্তিক উলংঘা কৰিছে।

অন্য কিছুমান দল-সংগঠনে ৰাজ্যৰ ৰাজধানী দিছপুৰতো অনশন কাৰ্য্যসূচী পালন কৰিব। ৰাজ্যত প্ৰতিবাদ সাব্যস্ত কৰিব লগীয়া এই দল-সংগঠন সমূহ হ'ল অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ, সদৌ অসম টাই আহোম ছাত্ৰ সন্থা, সদৌ মৰাণ ছাত্ৰ সন্থা, সদৌ টাই আহোম যুৱ ছাত্ৰ পৰিষদ। এইবাৰ ৰাজ্য আৰু দেশৰ ৰাজধানীত নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে একে সময়তে প্ৰতিবাদ সাব্যস্ত কৰাৰ সময়ত লক্ষ্যণীয় হব কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰৰ বিধেয়ক খনৰ প্ৰতি থকা দৃষ্টিভংগী।

অধিক খবৰৰ বাবে পঢ়ক শীৰ্ষ বাতৰি

Next Story
চাকৰি