Begin typing your search above and press return to search.

নাগৰিকত্ব সংশোধনী বিধেয়ক বাতিলৰ কাৰণে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ গণতন্ত্ৰ দিৱসত আন্দোলনৰ কাৰ্যসূচী

নাগৰিকত্ব সংশোধনী বিধেয়ক বাতিলৰ কাৰণে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ গণতন্ত্ৰ দিৱসত আন্দোলনৰ কাৰ্যসূচী

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  22 Jan 2019 7:56 AM GMT

নাগৰিকত্ব সংশোধনী বিধেয়ক বাতিল আৰু অসমত স্বদেশী লোকসকলক সুৰক্ষা প্ৰদান দাবীৰে ২৬ জানুৱাৰী তথা গণতন্ত্ৰ দিৱসত আন্দোলন কৰাৰ প্ৰস্তুতি কৰিছে অসম জাতীয়তা বাদী যুৱ ছাত্ৰ পৰিষদে ৷ সোমবাৰে গুৱাহাটীত সাংবাদিকৰ লগত হোৱা এক সাক্ষাৎকাৰত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ সাধাৰণ সম্পাদক পলাশ চাংমায়ে কয় যে, নাগৰিকত্ব সংশোধনী বিধেয়কখনে অসমীয়া জাতিক ৰক্ষা নকৰে ৷ ILP অৰ্থাৎ ইনাৰ লাইন পাৰমীট প্ৰৱৰ্তনৰ দাবী কৰাৰ লগতে দ্বি নাগৰিকত্ব প্ৰদানৰ সংগঠনটোৱে দাবী কৰে৷ ইফালে এই সকলো দাবীৰ সন্দৰ্ভত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ সাধাৰণ সম্পাদক পলাশ চাংমায়ে কয় যে জনসাধাৰণৰ মাজত জাগৰণ সৃষ্টি কৰা অত্যন্ত প্ৰয়োজন ৷

লগতে গণতন্ত্ৰ দিৱসত লোকতন্ত্ৰ আৰু সংবিধানক অপমাণ কৰা বিজেপি চৰকাৰৰ বিৰুদ্ধে জাগৰণ সৃষ্টি কৰাৰ কাৰণে পদযাত্ৰা অনুষ্ঠিত কৰাৰ কথাও উল্লেখ কৰে ৷ ইফালে ৩০ জানুৱাৰীত সমগ্ৰ ৰাজ্যত এক প্ৰতিবাদ কৰাৰ কথাও উল্লেখ কৰে অসম জাতীয়তা বাদী যুৱ ছাত্ৰ পৰিষদৰ সাধাৰণ সম্পাদক পলাশ চাংমায়ে ৷ ইয়াৰ পিছতে ৭ ফ্ৰেব্ৰুৱাৰীত ৰাজ্যৰ বিভিন্ন ক্ষেত্ৰত ৰেলসমূহ আগচি অৰ্থাৎ ৰেল ৰোক’ আন্দোলন কৰিব সংগঠনটোৱে ৷ অন্যহাতে,সম্প্ৰতি যি সমূহ সংগঠনে নাগৰিকত্ব সংশোধনী বিধেয়কখনক বাতিল কৰিবৰ কাৰণে চৰকাৰক আহ্বান কৰিছে , সেই সংগঠন সমূহৰ ওচৰত বিধেয়কখনৰ সন্দৰ্ভত চৰকাৰৰ ওচৰত অন্যান্য কাৰণ দৰ্শাই বাৰ্তালাপ কৰাৰ কোনো কাৰণেই নাই ৷ অসম বিৰোধী নাগৰিকত্ব সংশোধনী বিধেয়কখন বাতিলৰ বাহিৰে সম্প্ৰতি কোনো কথাৰ সমাধান হ’ব নোৱাৰো ৷

অসমৰ লোকসকলৰ কাৰণে ইনাৰ লাইন পাৰমীটতেই হৈছে অন্তিম সুৰক্ষা ৷ গতিকে আমাৰ আন্দোলন স্তব্ধ নহয় ৷ বাস্তৱিক ৰূপত আমাৰ আন্দোলন এক সূচীত আগবাঢ়ি যাব ৷ এই মন্তব্য অসম জাতীয়তা বাদী যুৱ ছাত্ৰ পৰিষদৰ সাধাৰণ সম্পাদক পলাশ চাংমাইৰ ৷ মুখ্য মন্ত্ৰী সৰ্বানন্দ সোনোৱালক কটাক্ষ কৰি অসম জাতীয়তা বাদী যুৱ ছাত্ৰ পৰিষদৰ সাধাৰণ সম্পাদক জনে কয় যে,নাগৰিকত্ব সংশোধনী বিধেয়ক ২০১৯ক দীৰ্ঘ সময় পিছত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালে অন্তিম ৰূপ দিলে ৷ গতিকে আমি এই কাৰ্যক তীব্ৰ গৰিহনা দিছে ৷ ইফালে অসম গণ পৰিষদক আবেদন কৰি পলাশ চাংমায়ে কয় যে সকলো দল একজোটঁ হৈ নাগৰিকত্ব সংশোধনী বিধেয়ক খন বাতিল কৰিবলৈ আগবাঢ়িব লাগে যাতে বিধানসভাত এই বিধেয়ক খনৰ বিৰুদ্ধে এটা সৰ্ব সন্মত সিদ্ধান্ত গ্ৰহণ কৰে ৷

অধিক খবৰৰ বাবে পঢ়ক : শীৰ্ষ বাতৰি

Next Story
চাকৰি