নাগৰিকত্ব সংশোধনী বিধেয়কৰ জৰিয়তে নিৰ্যাতিত লোক সকলে নাগৰিকত্ব লাভ কৰিবঃ ৰামনাথ কোৱিন্দ

নাগৰিকত্ব সংশোধনী বিধেয়কক লৈ সমগ্ৰ অসমত প্ৰতিবাদ হৈ থকাৰ সময়তে ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দৰ(Ramnath Kovind) মন্তব্য যে নাগৰিকত্ব সংশোধনী বিধেয়কৰ জৰিয়তে নিৰ্যাতিত লোকসকলে ভাৰতীয় নাগৰিকত্ব লাভ কৰিবলৈ সক্ষম হ’ব ৷সংসদৰ যুটীয়া অধিবেশন সম্বোধন কৰি ৰাষ্ট্ৰপতি ৰামনাথ কোৱিন্দে কয় যে এই লোকসকলৰ কোনো দোষ নাই ৷কাৰণ এই সকল লোক পৰিস্থিতিৰ বলি হৈছে ৷সমাজৰ অন্যান্য আৰু অভাৱৰ ব্যাপকতাৰ ওপৰত মন্তব্য কৰি ৰাষ্ট্ৰপতি কোৱিন্দে কয় যে মোৰ চৰকাৰে আইনৰ ব্যৱস্থাক পৰিৱৰ্তন কৰিবৰ কাৰণে কাম কৰি আছে ৷ যাতে সামাজিক আৰু অৰ্থনৈতিক ব্যৱস্থা সুনিশ্চিত হয় ৷
নাগৰিকত্ব সংশোধনী বিধেয়ক সেই সকল লোকৰ কাৰণে যিসকলে ভাৰতীয় নাগৰিকত্ব লাভ কৰিবলৈ সক্ষম হ’ব ৷ বিজেপিৰ লগতে অন্যান্য দল অথবা লোকসকলে নাগৰিকত্ব সংশোধনী বিধেয়কখন তীব্ৰ বিৰোধিতা কৰিছে ৷যিয়ে বাংলাদেশ,পাকিস্তান,আফগানিস্তানৰ পৰা অহা লোকসকলক নাগৰিকতা প্ৰদানৰ প্ৰয়াস কৰিছে ৷ইফালে নাগৰিকত্ব সংশোধনী বিধেয়কখন লোকসভাত গৃহীত হোৱাৰ পিছত ৰাজ্যসভাত বাজেট অধিবেশনৰ মাজতে বিধেয়কখনক আগবঢ়াব ৷কিন্তু বিজেপিৰ লগতে জেডি ইউয়ে এই বিধেয়কখন সম্প্ৰতি বিৰোধিতা কৰিছে ।
ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দে শুক্ৰবাৰে ২০১৬ ৰ বিমুদ্ৰাকৰণৰ সন্দৰ্ভত মন্তব্য কৰি কয় যে বিমুদ্ৰাকৰণ দেশৰ ক’লা ধন আৰু দুৰ্নীতিকৰণৰ লগত মোকামিলা কৰিবৰ কাৰণে এক গুৰুত্ব পূৰ্ণ পদক্ষেপ ৷মোৰ চৰকাৰে ক’লা ধনৰ বিৰুদ্ধে যথেষ্ট কাম কৰিছে। চৰকাৰে বেনামী লেনদেন অধিনিয়ম,ধন সংশোধন নিবাৰণ অধিনিয়ম ,আৰ্থিক অপৰাধী সকলৰ লগত মোকামিলা কৰিবলৈ অন্যান্য আইনৰ জৰিয়তে ৫০,০০০ কোটি টকাৰ অধিক সম্পত্তি জব্দ কৰে ৷
অধিক খবৰৰ বাবে পঢ়ক : শীৰ্ষ বাতৰি