Begin typing your search above and press return to search.

নাগৰিকত্ব সংশোধনী বিধেয়ক সন্দৰ্ভত অন্যান্য দলৰ লগত আলোচনা কৰা হ’বঃ গৃহমন্ত্ৰী ৰাজনাথ সিং

নাগৰিকত্ব সংশোধনী বিধেয়ক সন্দৰ্ভত অন্যান্য দলৰ লগত আলোচনা কৰা হ’বঃ গৃহমন্ত্ৰী ৰাজনাথ সিং

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  4 Feb 2019 11:47 AM GMT

কেন্দ্ৰীয় গৃহমন্ত্ৰী ৰাজনাথ সিঙে দেওবাৰে নাগৰিকত্ব সংশোধনী বিধেয়কৰ সন্দৰ্ভত কয় যে বিতৰ্কিত বিধেয়কখনৰ প্ৰসংগত উত্তৰ পূবৰ ৰাজনৈতিক নেতাসকল তথা দল সংগঠনৰ লগত আলোচনাত বহিব ৷ দেওবাৰে দিল্লীত মেঘালয়ৰ মুখ্যমন্ত্ৰী কনৰাড চাংমাকে ধৰি উত্তৰ পূবৰ বিভিন্ন ৰাজনৈতিক নেতাসকল আৰু অগপৰ শীৰ্ষ নেতাসকলৰ লগত হোৱা এখন বৈঠকত নাগৰিকত্ব সংশোধনী বিধেয়কৰ সন্দৰ্ভত আলোচনা কৰে ৷ নাগৰিকত্ব সংশোধনী বিধেয়ক খনৰ সন্দৰ্ভত হোৱা উচ্চ স্তৰীয় বৈঠকখনত মেঘালয়ৰ মুখ্যমন্ত্ৰী কনৰাড চাংমাই মুখ্য ভূমিকা পালন কৰে। লগতে উপস্থিত থাকে অসম গণ পৰিষদৰ সভাপতি অতুল বৰা,অসমৰ প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্ত,কেশৱ মহন্ত,ফণীভূষণ চৌধুৰী আৰু বীৰেন্দ্ৰ প্ৰসাদ বৈশ্য আদি ৷

মেঘালয়ৰ মুখ্যমন্ত্ৰী কনৰাড চাংমাই কয় যে গৃহমন্ত্ৰী ৰাজনাথ সিঙৰ লগত হোৱা নাগৰিকত্ব সংশোধনী বিধেয়ক সম্পৰ্কীয় বৈঠকখন আছিল অতি ইতিবাচক৷গৃহমন্ত্ৰী ৰাজনাথ সিঙে নাগৰিকত্ব সংশোধনী বিধেয়ক খনৰ সন্দৰ্ভত মন্তব্য কৰি এই সন্দৰ্ভতে সংশ্লিষ্ট পক্ষৰ সৈতে কাম কৰাৰ আশ্বাস প্ৰদান কৰে ৷ মেঘালয়ৰ মুখ্যমন্ত্ৰী চাংমাই কয় যে আমাৰ কথাসমূহ কেন্দ্ৰীয় গৃহমন্ত্ৰী সিঙে অতি গুৰুত্ব সহকাৰে শুনিছে৷ লগতে উত্তৰ পূবৰ লোকসকলৰ মাজত নাগৰিকত্ব সংশোধনী বিধেয়ক সম্পৰ্কত চলি থকা আন্দোলনৰ বিষয়েও অৱগত বুলি ৰাজনাথ সিঙে মন্তব্য কৰে৷ মেঘালয়ৰ মুখ্যমন্ত্ৰী কনৰাড চাংমাই কয় বিধেয়কখনক লৈ ইতিবাচক সহাঁৰি পাম বুলি আমি আশাবাদী ৷ যেতিয়ালৈকে চৰকাৰে এই বিধেয়কখনৰ সন্দৰ্ভত ইতিবাচক সহাঁৰি নিদিয়ে,তেতিয়ালৈকে আমি আমাৰ আন্দোলন চলাই যাম।

বৈঠকৰ অন্তত অসম গণ পৰিষদৰ সভাপতি অতুল বৰাই কয় যে বিধেয়কখনক লৈ অসম তথা উত্তৰ পূৱৰ লোকসকলৰ আবেগ অনুভূতিৰ বিষয়ে কেন্দ্ৰীয় গৃহমন্ত্ৰী ৰাজনাথ সিঙক অৱগত কৰা হৈছে ৷ বিধেয়কখনকলৈ জনসাধাৰণৰ মাজত সৃষ্টি হোৱা সংশয়ৰ সন্দৰ্ভত দলত আলোচনা হোৱাৰ কথাটো আশ্বাস প্ৰদান কৰে কেন্দ্ৰীয় গৃহমন্ত্ৰী জনে ৷ ইফালে অসম গণ পৰিষদৰ সভাপতি অতুল বৰাই কয়। যে নাগৰিকত্ব সংশোধনী বিধেয়কে সংবিধানক উলংঘন কৰে ৷গতিকে এই বিধেয়কখনক বাতিল কৰিব লাগে ।অসমৰ গঠন ভাষাৰ আধাৰত কৰা হৈছে ধৰ্মৰ আধাৰত নহয় ৷ ইফালে বিধেয়কখনত ধৰ্মক ভিত্তি হিচাপে লৈয়ে বিদেশীক স্থান দিবৰ কাৰণে চেষ্টা কৰিছে ৷কিন্তু বিদেশী বিদেশীয়েই ৷যদি বিধেয়কখন এখন অধিনিয়মলৈ পৰিৱৰ্তন হয়,তেন্তে অসমৰ ভাষা গভীৰ প্ৰত্যাহ্বানৰ সন্মুখীন হ’ব ৷

অন্যহাতে অসমে ১৯৫১ ৰ পৰা ১৯৭১ ৰ লৈকে বিদেশীৰ বোজা বহন কৰি আছে৷কিন্তু বিদেশীৰ বোজা বহন কৰিবলৈ অসম, ডাষ্টবিন নহয়। ইফালে গৃহমন্ত্ৰী ৰাজনাথ সিঙৰ লগত নাগৰিকত্ব সংশোধনী বিধেয়ক সন্দৰ্ভত আলোচনা কৰিবলৈ ২৮ জানুৱাৰীত গুৱাহাটীত আয়োজিত এখন বৈঠকত সিদ্ধান্ত লোৱা হৈছিল ৷ এই বৈঠকখনত মেঘালয়ৰ মুখ্যমন্ত্ৰী কনৰাড চাংমা,মিজোৰামৰ মুখ্যমন্ত্ৰী জোৰামথাংগা আৰু এজিপিৰ সহিতে অন্যান্য নেতাসকলেও ভাগ লৈছিল ৷ ইফালে মুখ্যমন্ত্ৰী কনৰাড চাংমাই NESO ৰ নেতাসকলে নাগৰিকত্ব সংশোধনী বিধেয়কখন সন্দৰ্ভত বাতিল কৰিবলৈ একত্ৰিত হোৱা সকলো ৰাজনৈতিক দলক ধন্যবাদ জ্ঞাপন কৰে ৷

অধিক খবৰৰ বাবে পঢ়ক : শীৰ্ষ বাতৰি

Next Story
চাকৰি