Begin typing your search above and press return to search.
নাগৰিকত্ব সংশোধনী বিধেয়ক সন্দৰ্ভত প্ৰতিক্ৰিয়া মণিপুৰৰ মুখ্যমন্ত্ৰী

নাগৰিকত্ব সংশোধনী বিধেয়কক বিৰোধীৰ লগতে শাসনাধীষ্ঠ দলৰ কিছু সংখ্যক নেতাই বাতিল কৰাৰ কাৰণে স্পষ্ট মতামত দিয়াৰ পিছত এইবাৰ বিধেয়কখনক লৈ হুংকাৰ দিছে মণিপুৰৰ মুখ্যমন্ত্ৰী এন বীৰেন সিঙে(N Biren Singh) । কেন্দ্ৰীয় গৃহ মন্ত্ৰী ৰাজনাথ সিঙে আয়োজন কৰা এখন বৈঠকত বিধেয়কখন বাতিলৰ কাৰণে আহ্বান কৰে মুখ্যমন্ত্ৰী এন বীৰেন সিঙে ।
এক বিশেষ সূত্ৰৰ খবৰ অনুসৰি,কেন্দ্ৰীয় গৃহ মন্ত্ৰী ৰাজনাথ সিঙে মুখ্যমন্ত্ৰী এন বীৰেন সিঙৰ লগত আলোচনা কৰিছিল যদিও বিধেয়ক খনক লৈ নিজৰ স্পষ্ট মত দিয়ে মণিপুৰৰ মুখ্যমন্ত্ৰী সিঙে। ইয়াৰ পিছতে মণিপুৰৰ মুখ্যমন্ত্ৰী আৰু অৰুণাচলৰ মুখ্যমন্ত্ৰী প্ৰেমা খাণ্ডুৰ মন্ত্ৰী কিৰেণ ৰিজীজুৰ লগত সাক্ষাৎ কৰে আৰু নাগৰিকত্ব সংশোধনী বিধেয়কৰ সন্দৰ্ভত আলোচনা কৰে ।
অধিক খবৰৰ বাবে পঢ়ক : শীৰ্ষ বাতৰি
Next Story