নাগৰিকত্ব সংশোধনী বিধেয়কৰ ২০১৬ ক বাতিলৰ সন্দৰ্ভত সোমবাৰে সদৌ অসম ছাত্ৰ সন্থাৰ এটা প্ৰতিনিধি দলে সাক্ষাৎ কৰে অন্ধ্ৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী চন্দ্ৰবাবু নাইডুক ৷ অন্ধ্ৰ প্ৰদেশৰ ৰাজধানী অমৰাৱতীত মুখ্যমন্ত্ৰী নাইডুক সাক্ষাৎ কৰি তেলেগু দেশম পাৰ্টিৰ লগত নাগৰিকত্ব বিধেয়ৰ
ক সন্দৰ্ভত আলোচনা কৰাৰ লগতে দলৰ পৰা বিধেয়কখন বাতিল কৰিবলৈ আহ্বান জনায় ৷
লগতে নাগৰিকত্ব সংশোধনী বিধেয়কখনৰ সন্দৰ্ভত অন্ধ্ৰপ্ৰদেশৰ মুখ্য মন্ত্ৰী চন্দ্ৰবাবু নাইডুয়ে স্থিতি স্পষ্ট কৰি কয় যে,নাগৰিকত্ব সংশোধনী বিধেয়কখন বিৰুধিতা কৰিব তেলেগু দেশম পাৰ্টিয়ে ৷
উল্লেখ্য যে, সমৌ অসম ছাত্ৰ সন্থাৰ সভাপতি দীপংক কুমাৰ নাথ,সাধাৰণ সম্পাদক লুৰীণ জ্যোতি গগৈ, মুখ্য উপদেষ্টা সমুজ্জ্বল ভট্টাচাৰ্যকে আদি কৰি এটা প্ৰতিনিধি দলে অন্ধ্ৰপ্ৰদেশৰ মুখ্যমন্ত্ৰী চন্দ্ৰবাবু নাইডুক সাক্ষাৎ কৰি গামোচা,চেলেং,চাদৰ,শৰাই,গড়ৰ প্ৰতীক,কিতাপেৰে সম্বোধন জনায় ৷
অন্য খবৰৰ বাবে পঢ়ক:ব্ৰেকিং নিউজ