Begin typing your search above and press return to search.

নাগৰিকত্ব সংশোধনী বিধেয়ক,২০১৬ বাতিলৰ দাবীত প্ৰতিবাদৰ জোৱাৰ উত্তৰ-পূৰ্বাঞ্চলত

নাগৰিকত্ব সংশোধনী বিধেয়ক,২০১৬ বাতিলৰ দাবীত প্ৰতিবাদৰ   জোৱাৰ উত্তৰ-পূৰ্বাঞ্চলত

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  1 Dec 2018 10:10 AM GMT

নাগৰিকত্ব সংশোধনী বিধেয়ক,২০১৬ ৰ বাতিলৰ প্ৰতিবাদত উত্তাল হল সমগ্ৰ উত্তৰ-পূৰ্বাঞ্চল।ত্ৰিপুৰা ছাত্ৰ সন্থাৰ তৰফৰ পৰা কোৱা হয় যে উত্তৰ পূৰ্বাঞ্চলত নাগৰিকত্ব সংশোধনী বিধেয়ক,২০১৬ জাপি দিয়াৰ চেষ্টা কৰাৰ আগতেই ত্ৰিপুৰাত খিলঞ্জীয়া জনসাধাৰণ সংখ্যালঘুত পৰিণত হৈছে।ত্ৰিপুৰাৰ মুঠ ৪০ লাখ জনসংখ্যাৰ ভিতৰত খিলঞ্জীয়া জনসাধাৰণৰ সংখ্যা ১০ লাখ।শুক্ৰবাৰে নেছৰ আহ্বানত উত্তৰ-পূৰ্বাঞ্চলৰ ৰাজ্য সমূহৰ ৰাজধানীত নাগৰিকত্ব সংশোধনী বিধেয়ক খনৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰা হয়।

আগৰতলাত বিধেয়কখন বাতিল কৰাৰ বাবে কৰা প্ৰতিবাদত ত্ৰিপুৰা ছাত্ৰ সন্থাৰ উপদেষ্টা উপেন্দ্ৰ দেৱবাৰ্মাই ইতিমধ্যে ৰাজ্যখনত খিলঞ্জীয়া জনসাধাৰণ দ্বিতীয় শ্ৰেণীৰ নাগৰিকত পৰিণত হোৱা বুলি মন্তব্য কৰি নাগৰিকত্ব সংশোধনী বিধেয়কখন কাৰ্য্যকৰী কৰিলে খিলঞ্জীয়াৰ অস্তিত্ব নিছিহ্ন হব বুলি কয়।উত্তৰ-পূৱৰ সাতখন ৰাজ্যৰ ছাত্ৰ সংগঠন সমূহৰ প্ৰতিনিধি সকলে ৰাজ্য চৰকাৰ সমূহক মেঘালয় চৰকাৰৰ আদৰ্শ লবলৈ কয়।নেছৰ সভাপতি ছেমুৱেল জেৰৱাই কেন্দ্ৰই উত্তৰ-পূৰ্বাঞ্চলত বিধেয়কখনৰ প্ৰতিবাদ কৰাৰ বিপৰীতে একমাত্ৰ বিদেশী সকলক সংস্থাপিত কৰাক বাবেহে বিধেয়কখন কাৰ্য্যকৰী কৰাৰ বাবে উঠি পৰি লাগিছে বুলি কয়।জেৰৱাই সংসদৰ শীতকালীন অধিবেশনত সংসদৰ বাহিৰত ইয়াৰ বিপক্ষে প্ৰতিবাদ সাব্যস্ত কৰিব বুলি মন্তব্য প্ৰকাশ কৰে।মেঘালয়ৰ শ্বিলঙত খাচী আৰু গাৰো ছাত্ৰ সন্থাই যুতীয়া প্ৰতিবাদী সমদল উলিয়াই মেঘালয় চৰকাৰক বিধেয়কখনৰ পৰা ৰাজ্যৰ জনসাধাৰণক দুৰত ৰখা বাবে ধন্যবাদ জ্ঞাপন কৰে।

কহিমাত উলিওৱা সমদলত এন এচ এফৰ সভাপতিয়ে উত্তৰ-পূৰ্বাঞ্চল বাংলাদেশীৰ ডাষ্টবিন নহয় বুলি কয়, বিধেয়কখন কোনোপধ্যেই মানি লোৱা নহব বুলি চৰকাৰক সকীয়াই দিয়ে।অনুৰূপ ধৰণে মনিপুৰ,অৰুণাচল প্ৰদেশতো নাগৰিকত্ব সংশোধনী বিধেয়কখনৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰা হয়।

অধিক খবৰৰ বাবে পঢ়ক:শীৰ্ষ বাতৰি

Next Story
চাকৰি