Begin typing your search above and press return to search.
নাগৰিক সংশোধনী বিধেয়কৰ বিৰুদ্ধে দিল্লীত প্ৰতিবাদ

প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্তৰ নেতৃত্বত অসম আন্দোলন সংগ্ৰামী মঞ্চই দিল্লীৰ জন্তৰ-মন্তৰত নাগৰিক সংশোধনী বিধেয়ক ২০১৬ৰ বাতিলৰ দাবীত দিনজোৰা প্ৰতিবাদী কাৰ্য্যসুচী ৰূপায়ন কৰে।প্ৰাক্তন মুখ্যমন্ত্ৰীজনে কয় যেএই জাতিধংসী বিধেয়ক খন ৰাজ্য চৰকাৰে সোনকালে বাতিলৰ ব্যৱস্হা কৰিব লাগে নহলে ইয়াতকৈও জংগী আন্দোলন গঢ়ি তোলা হব।অসম চুক্তি ৰূপায়ন,এনআৰচিৰ চূড়ান্ত খচৰা প্ৰকাশৰ লগতে নাগৰিক সংশোধনী বিধেয়ক ২০১৬ বাতিল কৰাটো অসমৰ খিলঞ্জীয়া লোক সকলৰ বাবে সমানে প্ৰয়োজনীয়।সেইবাবে ৰাজ্য চৰকাৰ আৰু কেন্দ্ৰীয় চৰকাৰে এই বিধেয়ক খন বাতিল কৰাৰ ব্যৱস্থা কৰিব লাগে।
Next Story