নামৰূপৰ জিতা চিনেমাহলৰ সমীপত সংঘটিত হয় এক শোকাৱহ পথ দুৰ্ঘটনা ।তীব্ৰ গতিত অহা টেংকাৰে মহতিয়াই নিয়ে মাতৃ পুত্ৰক। ইফালে দূৰ্ঘটনাটো সংঘটিত হোৱাৰ পিছতেই উত্তেজিত জনতাই ভাঙি লণ্ড ভণ্ড কৰে টেংকাৰখন, লগতে অৱৰোধ কৰে ঐতিহাসিক ধোদৰ আলি । এটা দূৰ্ঘটনাক কেন্দ্ৰ কৰি মংগলবাৰে পুৱা নামৰূপত সংঘটিত হয় হুলস্থুলীয়া পৰিৱেশ।
উল্লেখযোগ্য যে বিহাইভ অসম প্লাৱিক স্কুলৰ প্ৰথম শ্ৰেণীৰ ছাত্ৰ জনক তীব্ৰ গতিত অহা এনএল ০৫ ডি ৪১৬৩ নম্বৰৰ টেংকাৰখনে মহতিয়াই নিয়াৰ ফলত থিতাতে নিহত হয় ছয়বছৰীয়া ৰাজপল ফুকন আৰু মাতৃ মমী গগৈ ফুকন । তাৰ পিছতই উত্তেজিত জনতাই ভাঙি লণ্ড ভণ্ড কৰে টেংকাৰ খন।
ইফালে দূৰ্ঘটনা স্হলীত বিদ্যালয়খনৰ ছাত্ৰ ছাত্ৰী, শিক্ষক শিক্ষয়িত্ৰী সকলৰ লগতে নামৰূপ আঞ্চলিক ছাত্ৰ সন্থাই অৱৰোধ কৰে ঐতিহাসিক ধোদৰ আলি। জানিবপৰামতে নামৰূপ অসম পেট্ৰকেমিলে লিমিটেডৰ মিথানল পৰিবাহী টেংকাৰ সমোহে চিনেমা হলটোৰ কাষতে থকা এটা চাৰ্ভিছিং চেণ্টাৰ লৈ গাড়ী ধুবলৈ আহি বিগত দিনসমূহত উক্ত স্থানত অবৈধ পাৰ্কিং কৰি ব্যাপক যান- যতৰ সূষ্টি কৰি আহিছিল যাৰ পৰিনাম স্বৰূপে উক্ত ঘটনাটো সংঘটিত হোৱা বুলি দাবী জনাইছে স্থানীয় লোকে।
ইফালে দূৰ্ঘটনাটো সংঘটিত হোৱাৰ পিছতেই চাৰ্ভিছিং চেণ্টাৰটোত থকা গাড়ী সমোহ ও ভাঙি চূৰ্ণ বিচূৰ্ণ কৰে উত্তেজিত জনতাই। ইফালে দূৰ্ঘটনাটো সংঘটিত কৰিয়েই পলায়ন কৰে টেংকাৰখনৰ চালকজন। আনহাতে নিহত মাতৃ পুত্ৰক মৰোণোত্তৰ পৰীক্ষাৰ বাবে ডিব্ৰুগড় অসম চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰে ।মাতৃ পুত্ৰৰ এই কৰুণ মৃত্যুয়ে এতিয়া গভীৰ শোকৰ ছাঁ পৰিছে সাৰনগৰী নামৰূপত।